মাহমৰা সমষ্টিৰ লাকুৱাৰ পানীবিল-খুমটাই বাগিচাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ
মাহমৰা সমষ্টিৰ খুমটাই বাগিচাত চৰাইদেউ জিলাৰ প্ৰথমটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ
বিশেষ বাৰ্তা, ২৩ এপ্ৰিল: “আমাৰ সমাজখনক আগবঢ়াই নিবৰ বাবে আমাক ভাল মানুহৰ প্ৰয়োজন। সেয়ে আমি শিশুসকলক সৰুৰে পৰাই বৌদ্ধিক, মানসিক তথা শাৰীৰিক দিশত উত্তৰণ ঘটাব লাগিব। আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ জৰিয়তে চৰকাৰে তেনে এক পৰিৱেশ গঢ়ি তুলিবৰ বাবে পদক্ষেপ লৈছে”- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খুমটাই চাহ বাগিচাত যোৱা ২২ এপ্ৰিলত এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই বক্তব্য ৰাখে অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ণ, খনি আৰু খনিজ সম্পদ আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে । অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ এক অভিলাষী প্ৰকল্প ২৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা ১০০০টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত চৰাইদেউ জিলাই দুয়োটা বিধানসভা সমষ্টিত ১১টাকৈ মুঠ ২২টা অংগনবাড়ী কেন্দ্ৰৰ আবণ্টন পাইছে। ইয়াৰে প্ৰথমটো ২ নং খুমটাই আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ যোৱা ২২ এপ্ৰিলত আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়।মাহমৰা উন্নয়ণ খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নাজিমুদ্দিন আহমেদে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানটোত জিলা উপায়ুক্ত পল বৰুৱা আৰু জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়েও বক্তব্য প্ৰদান কৰে । নিজৰ ভাষণত উপায়ুক্ত পল বৰুৱাই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ক্ষিপ্ৰতা আৰু পাৰদৰ্শিতাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ লগতে নিৰ্মাণ সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে জিলাখনৰ অৱশিষ্ট আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহো অহা মে’ নাইবা জুন মাহৰ ভিতৰতে উদ্বোধন কৰা হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত চৰাইদেউ জিলা পৰিষদৰ অধ্যক্ষ বন্তি কোঁৱৰ, মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সুনম দাস, সোণাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া ভাৰতী বৰা, সমষ্টি-ভিত্তিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ মণ্টু কোঁৱৰ, জিলা সমাজ কল্যাণ বিভাগ তথা অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে ভালেকেইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
পানীবিলত মন্ত্ৰী যোগেন মহনে মুকলি কৰিলে লাকুৱা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ
অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন তথা খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী যোগেন মহনে যোৱা ২২ এপ্ৰিলত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৫৯ নং পানীবিল আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত নিজ ভাষণত মন্ত্ৰী মহনে কয় যে, “শিশুসকলক সুস্থ-সবল কৰি তুলিব পাৰিলেহে আমি ভৱিষ্যতে এখন ভাল সমাজ আশা কৰিব পাৰিম। কাৰণ, আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। অংগনৱাড়ী কেন্দ্ৰসমূহত আমি শিশু-উপযোগী এক সুন্দৰ পৰিৱেশ ৰচনা কৰিব লাগিব”।পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে। বিষয়াগৰাকীয়ে পানীবিল আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ নিৰ্মাণ কাৰ্যৰ সতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জনোৱাৰ লগতে জিলাখনত নিৰ্মাণৰত অৱশিষ্ট আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহো শীঘ্ৰেই উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰে। সভাত লাকুৱা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া তথা ভাৰপ্ৰাপ্ত সংহত শিশু উন্নয়ণ বিষয়া অনুৰাগ গগৈয়েও বক্তব্য প্ৰদান কৰে। সভাত স্থানীয় মহিলাসকলে জেং বিহু আৰু কণ-কণ শিশুসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে সভাত মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুনম দাস, মাহমৰা সমষ্টি-ভিত্তিত অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ মণ্টু কোঁৱৰ, সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী, ভালেকেইগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
প্ৰেৰক দীপাংকৰ পাল