নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপত জালিয়াতি কৰি সাধাৰণ জনতাক হাৰাশাস্তিঃ লাহৰীঘাট আৰক্ষীৰ জালত ৭ কুখ্যাত চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : এপত জালিয়তি কৰি সাধাৰণ জনতাক হাৰাশাস্তি কৰি জুৰুলা কৰা সাতটাকৈ কুখ্যাত চাইবাৰ অপৰাধী শেতীয়াভাৱে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ জালত পৰিছে । বহুদিনৰ পৰা আৰক্ষীৰ নজৰত থকাৰ পিছত কালি লাহৰীঘাট আৰু ভূৰাগাঁও থানা এলেকাৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চাইবাৰ অপৰাধীকেইটাক । ধৃত অপৰাধীকেইটা হ’ল ক্ৰমে আজমল হুছেইন (২৪), নজৰুল ইছলাম (২৭) নাছিৰ উদ্দিন (২৪), ৰিয়াজ উদ্দিন (৩৯), আব্দুল জলিল (৪৮), ছফিকুল ইছলাম (৩০) আৰু স্বপন মণ্ডল (২৫)। অভিযানৰ সময়ত ছাইবাত অপৰাধীৰকেইটাৰ পৰা এটা লেপটপ , এটা আধাৰ কাৰ্ড মেচিন , তিনিটা আইফোন, ৭টা এণ্ড্ৰইড মবাইল, তিনিটা ফ্ৰীজ , তিনিটা এয়াৰ কুলাৰ , তিনিখন বাইকৰ লগতে নগদ ৪ লাখ ৮ হাজাৰ নগদ টকা জব্দ কৰে । ধৃত চাইবাৰ অপৰাধী কেইটাই ৰ্দীঘদিন ধৰি মবাইল এপৰ জৰিয়তে আন ব্যক্তিৰ নামত জালিয়াতিৰে আইফোন, ফ্ৰিজ, মবাইলকে আদি বিভিন্ন সা-সামগ্ৰী ক্ৰয় কৰি আহিছিল। উল্লেখ্য ইয়াৰ পূৰ্বেও লাহৰীঘাট থানা এলেকাৰ পৰা ২০ টাৰো অধিক ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । তাৰ পিছতো লাহৰীঘাট এলেকাত এনে দৰে এদিনতে ৭ টালৈ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোবা ঘটাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক । অবশ্যে আৰক্ষীয়ে অব্যাহত ৰখা ছাইবাৰ বিৰোধী অভিযানক আদৰণি জনাইছে তেওঁলোকে ।

প্ৰেৰক আবুল কালাম

You might also like