নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত চুৰি মটৰচাইকেল ক্ৰয় কৰি আৰক্ষীৰ জালত এজন

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ বঙাইগাঁও জিলা যোগীঘোপা থানাৰ অন্তৰ্গত খেৰপুজিৰ পৰা চুৰি হোৱা মটৰচাইকেল ক্ৰয় কৰা এজন লোকক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বয়জেৰ আলগা অষ্টম খণ্ড গাঁৱৰ হাফিজ হেবজুৰ ৰহমান (৩৩) বুলি আৰক্ষী সূত্ৰে জনা গৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোগীঘোপা থানাৰ অন্তৰ্গত খেৰপুজীৰ পৰা কিছুদিন পূৰ্বে এ এছ ১৯ এন ৮২৭৫ নম্বৰ এখন মটৰচাইকেল চুৰি হয় ।এই সন্দৰ্ভত মটৰ চাইকেলৰ গৰাকীয়ে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছিল । জনা মতে, উক্ত মটৰ চাইকেল খন চুৰি কৰা চোৰৰ পৰা হেবজুৰ ৰহমানে ক্ৰয় কৰাৰ পিছত মটৰ চাইকেলখনৰ কোনো নথিপত্ৰ নথকাত কালি তেওঁক  বিলাসীপাৰা থানাৰ আৰক্ষীয়ে তেওঁক আটক  কৰে । যোগীঘোপাৰ খেৰপুজীৰ পৰা চুৰি হোৱা মটৰ চাইকেলৰ গৰাকীয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হেবজুৰ ৰহমানক যোৱা নিশা গ্ৰেপ্তাৰ কৰে ।আৰক্ষীয়ে হেবজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা  চুৰি মটৰ চাইকেলখন উদ্ধাৰ কৰে । যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হেবজুৰ ৰহমানৰ বিৰুদ্ধে ৬৪/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে তেওঁক ছয় দিনৰ বাবে  আৰক্ষীৰ জিম্মাত আনে ।

প্ৰেৰক টিংকুচন্দ্ৰ দাস

You might also like