নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৭১ চনৰ যুদ্ধৰ বীৰ যোদ্ধাসকলক সম্বর্দ্ধনা জ্ঞাপন কৰিলে মুখ্যমন্ত্রীয়েঃ বীৰ যোদ্ধা আৰু তেওঁলোকৰ পৰিয়াল, প্রাক্তন সৈনিকৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে একাধিক পদক্ষেপঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ আজাদী কা অমৃত মহোৎসৱৰ মহান উপলক্ষ্যত ১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধত আগবেোৱা অতুলনীয় সেৱা, ত্যাগ আৰু সাহসিকতাৰ বাবে ৰাজ্যখনৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ উদ্দেশ্যৰে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বীৰ যোদ্ধাসকলক সম্বর্দ্ধনা জনায়৷ আজিৰ এই অনুষ্ঠানটোত যুদ্ধত শ্বহীদ হোৱা ৯ গৰাকী বীৰ যোদ্ধাৰ পত্নীলৈ ১০ লাখ টকাকৈ, ৮ গৰাকী আঘাতপ্রাপ্তৰ প্রত্যেককে ৫ লাখ টকাকৈ, দুগৰাকী যুদ্ধ বন্দীলৈ প্রত্যেককে ২.৫ লাখ টকাকৈ আৰু ৮৬ গৰাকী বীৰ যোদ্ধাৰ প্রত্যেকলৈ ২ লাখ টকাকৈ প্রদান কৰা হয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ১৯৭১ চনৰ ভাৰত–পাক যুদ্ধৰ বীৰ যোদ্ধাসকললৈ গভীৰ শ্রদ্ধা জনোৱাৰ লগতে এই যুদ্ধত প্রাণাহুতি দিয়া সৈনিক সকললৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ১৯৭১ চনৰ ভাৰত–পাক যুদ্ধ ভাৰত উপমহাদেশৰ এক যুগান্তকাৰী ঘটনা আছিল৷ এই যুদ্ধত সেনাবাহিনীৰ জোৱানসকলৰ বীৰত্ব আৰু ত্যাগেৰে ভাৰতে ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল তেনে নহয়, স্বাধীন বাংলাদেশ গঠন বাস্তৱায়িত কৰাৰ দিশতো গুৰুত্বপূর্ণ অৰিহণা যোগাইছিল৷ এই অনুষ্ঠানত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং উপস্থিত থকা বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে তেখেতৰ উপস্থিতিয়ে যুদ্ধত বীৰ যোদ্ধাসকলে দেখুওৱা সাহস আৰু ত্যাগক ভাৰত চৰকাৰে গুৰুত্ব প্রদান কৰাটোৱে সূচায়৷ ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানৰ ইষ্টার্ণ কমাণ্ডে আত্মসমর্পণ দলিলত স্বাক্ষৰ কৰিছিল৷ এই দলিলৰ জৰিয়তে পাকিস্তানৰ ইষ্টার্ণ কমাণ্ডৰ ৯৭৩৬৮ গৰাকী সেনাই স্বর্তবিহীনভাৱে আত্মসমর্পণ কৰে৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত এয়া আছিল বিপুল পৰিমাণৰ অস্ত্র–শস্ত্র সহিতে কোনো সামৰিক বাহিনীৰ দ্বিতীয় সর্ববৃহৎ আত্মসমর্পণ৷ মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে ভাৰতীয় সৈনিকৰ উদ্যম আৰু সাহসিকতাৰ এক নিদর্শন প্রকাশিত হৈছিল৷ মুখ্যমন্ত্রীয়ে কয় যে অকল যুদ্ধ ক্ষেত্রতে অসমৰ ভূমিকা সীমিত হৈ থকা নাছিল৷ ৰাজ্যৰ কিছু সংখ্যক আৰক্ষী বিষয়াই পাকিস্তানৰ সেনাবাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ মুক্তি বাহিনী আৰু মুক্তিযোদ্ধাসকলক প্রশিক্ষণ আৰু অন্যান্য দিশেৰেও সহায় কৰিছিল৷ তেওঁ স্পেচিয়েল চিকিউৰিটি ব্যুৰ এছ এছ বিৰ জ্ঞানানন্দ শর্মা পাঠক আৰু গিৰজা নন্দ চৌধুৰীয়ে স্বাধীনতাৰ এই যুঁজত লোৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে শ্রদ্ধা জ্ঞাপন কৰে৷ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডি এন সোণোৱাল আৰু হিৰণ্য কুমাৰ ভট্টাচার্যই এই অভিযানৰ সময়ত লোৱা গুৰুত্বপূর্ণ অৰিহণাৰ বাবে তেখেতসকললৈও আন্তৰিক শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে স্বাধীনতাৰ সেনানীসকলক উৎসাহিত কৰাৰ বাবে ভাৰতৰত্ন ডঙ্ম ভূপেন হাজৰিকাই সংগীতৰ মাধ্যমেৰে যোগোৱা প্রেৰণাৰ বাবেও তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে সুধাকণ্ঠ ডঙ্ম ভূপেন হাজৰিকাই এই মুক্তিযুদ্ধক আধাৰ হিচাপে লিখা জয় জয় নৱজাত বাংলাদেশহ্ল, জয় জয় মুক্তি বাহিনী গীতটোৱে নতুনকৈ গঠিত সার্বভৌম বাংলাদেশৰ প্রতি এক বিজয় সুলভ অভিনন্দন আছিল আৰু এই মুক্তিযোদ্ধাসকলক আলম লৈ লিখা গীতটিয়ে এতিয়াও সকলোৰে অন্তৰ স্পর্শ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে সাহসী কার্যই সকলোকে প্রেৰণা যোগায়৷ বীৰ যোদ্ধাসকলে স্বদেশৰ বাবে আগবেোৱা অৱদানৰ প্রতি উপযুক্ত মর্যাদা প্রদান কৰাটো চৰকাৰৰ এক দায়িত্ব আৰু সেইবাবে চৰকাৰে সাহসী যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত থিয় হৈছে৷ ৰাজ্য চৰকাৰে নিজৰ প্রতিশ্রুতি ৰূপায়ণৰ দিশত দায়বদ্ধতাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ক্ষেত্রত কেইবাটাও পদক্ষেপ গ্রহণ কৰা হৈছে৷ সেনাবাহিনীৰ জোৱানৰ মৃত্যু হলে তেওঁলোকৰ নিকটাত্মীয়লৈ ৫০ লাখ টকাৰ এককালীন সাহায্য, প্রাক্তন সৈনিকৰ বাবে চাকৰি, প্রাক্তন সৈনিকৰ সন্তানৰ বাবে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ লেখীয়া পদক্ষেপ গ্রহণ কৰা হৈছে৷ তেওঁ লগতে জনায় যে প্রাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে আৰু অধিক আঁচনি গ্রহণ কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে সেনা বাহিনীৰ লোকসকলৰ বাবে চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিছে সেয়া গুৰুত্বপূর্ণ বিষয় নহয়, ৰাষ্ট্রীয় স্বার্থ সুৰক্ষা আৰু সকলোকে নিৰাপত্তা প্রদানৰ বাবে তেখেতসকলে ত্যাগৰ মানসিকতাৰে ৰাষ্ট্রৰ সেৱা আগববাই আহিছে৷ অনুষ্ঠানত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ১৯৭১ চনৰ যুদ্ধৰ বীৰ যোদ্ধা তথা পদ্মশ্রী বঁটা প্রাপক কর্ণেল অৱসৰপ্রাপ্ত কুৱাজী ছাজ্জাদ আলী নাহিৰেও ভাষণ প্রদান কৰে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্যা ব্রেভহার্টছ অৱ ৭১ নামৰ পুস্তিকা এখনো মুকলি কৰা হয়৷ ৩০০ গৰাকীতকৈও অধিক বীৰ যোদ্ধা, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালবর্গই আজি এই সম্বর্দ্ধনা অনুষ্ঠানত উপস্থিত আছিল৷ ১৯৬৫ চনৰ যুদ্ধৰ কিছু সংখ্যক যোদ্ধাও অনুষ্ঠানত উপস্থিত থাকে৷ কেইবাগৰাকীও মন্ত্রী, সাংসদ, বিধায়ক, অসামৰিক আৰু প্রতিৰক্ষা বিভাগৰ শীর্ষ চৰকাৰী বিষয়া আৰু লগতে সমাজৰ বিভিন্ন শ্রেণীৰ লোক আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে৷

You might also like