নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ সতী ৰাধিকা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ মৰিগাঁও জিলাৰ বাখৰবড়ীত সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীয়ে আই সতী ৰাধিকা দিৱসটি ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হয়। উদৰি,বাখৰবড়ী আৰু বনিয়াগাঁও আঞ্চলিক ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা দিৱসত শনিবাৰে পুৱা উদযাপন সমিতিৰ সভাপতি দ্বীপেন চন্দ্ৰ দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি বৃক্ষ ৰোপন কৰাৰ লগতে নাম প্ৰসংগ আৰম্ভ হয়। দিনৰ ভাগত সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি নগেন দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে সভাত অংশগ্ৰহণ কৰি কৈৱৰ্ত্ত জাতিৰ গৌৰৱৰ প্ৰতীক সতী ৰাধিকাৰ আদৰ্শ জাতিটোৱে অনুধাৱন কৰাৰ লগতে সতী ৰাধিকাৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

কৈৱৰ্ত্ত সন্মিলনীৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কিৰণ হাজৰিকা আৰু সাধাৰণ সম্পাদক ৰিন্টু মণি দাসৰ লগতে অভ্যৰ্থনা সমিতিৰ সম্পাদক মহেন্দ্ৰ দাসে আঁতধৰা মুকলি সভা খনত বিশিষ্ট অতিথি হিচাপে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে অংশ গ্ৰহণ কৰি সদৌ অসম কৈৱৰ্ত্ত সন্মিলনীয়ে কৈৱৰ্ত্ত জাতিৰ বিৰংগনা নাৰী সতী ৰাধিকাৰ স্মৃতিত ঐতিহ্যমণ্ডিত বাখৰবড়ীত ব্যাপক আয়োজনৰে সতী ৰাধিকা দিৱস উদযাপিত কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনোৱাৰ লগতে পিছপৰা এই শ্ৰেণীটোৰ বাবে যথেষ্ট কৰণীয় আছে বুলি মন্তব্য আগবঢ়ায়। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাস,কৈৱৰ্ত্ত সাহিত্য সংস্কৃতি সভা অসমৰ সভাপতি সূতৰাম দাস, শ্বহীদ হেমৰাম পাতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাজীৱ দাসকে ধৰি কেইবাগৰাকীও বক্তাই অংশ গ্ৰহণ কৰি সতী ৰাধিকাৰ সন্দৰ্ভত বিস্তৃত ভাৱে আলোকপাত কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জনজাতি উন্নয়ন প্ৰকল্পৰ অধ্যক্ষ মনক বৰদলৈ, অন্যান্য পিছপৰা শ্ৰেণীৰ অধ্যক্ষ শিৱাজী ডেকা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাকে ধৰি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি সীমান্ত হাজৰিকা, উপ-সভাপতি কেশৱ বিষয়া, লগতে অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ কাৰ্যকৰী সভাপতি ডম্বৰুধৰ দাস আৰু মৰিগাঁও জিলা সতী ৰাধিকা আইমাতৃ সেৱা সমাজৰ হৈ সভানেত্ৰী মিনতি হাজৰিকা আৰু সম্পাদিকা নৱনিতা দাসে সভাখনত অংশ গ্ৰহণ কৰে।

You might also like