গাঞ্জা সৰবৰাহৰ বাবে চোৰাং ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিছে ভাৰতীয় ৰেল! চাপৰমুখত ৰেলৰ দবাৰ বাথৰুমৰ পানী টেংকীৰ ভিতৰত চেম্বাৰ সাজি সৰবৰাহ কোটি কোটি টকাৰ গাঞ্জা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা পাছতেই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত অসম আৰক্ষীয়ে অবৈধ ব্যৱসায়, ড্ৰাগছ আদিৰ বিৰূদ্ধে কঠোৰ হোৱাত ৰাজ্যৰ মাজেদি দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা ড্ৰাগছ, চোৰাং সামগ্ৰী আদিৰ সৰবৰাহত হেঙাৰ ৰূপে থিয় দিয়া অসম আৰক্ষীয়ে আজি পুনৰ আন এক বৃহত সফলতা লাভ কৰে। আজি পুৱতি নিশা চলোৱা এক বিশেষ অভিযানত নগাঁও আৰক্ষীয়ে চাপৰমুখ ৰেল জংচনত চলন্ত ৰেলৰ পৰা ১১২ কেজি গাঞ্জা(৮৭ পেকেট) জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ অভিযানত আগৰতলা-ৰাণী কমলাপতি যাত্ৰীবাহী ট্ৰেইনৰ পৰা জব্দ কৰে এই বৃহত পৰিমাণৰ গাঞ্জা। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিব দিয়া মতে আজি নিশা প্ৰায় ২:৩০ বজাত হোজাই জিলা আৰক্ষীৰ পৰা পোৱা এক খবৰৰ মতে চাপৰমুখ ৰেলৱে জংচনত উপস্থিত হয় নগাঁও জিলাৰ এক বৃহত আৰক্ষী দল। নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা, উপ আৰক্ষী অধীক্ষক ত্ৰিদিব কুমবঙ, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, ৰহা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা আৰু চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক বৃহত আৰক্ষী দলে চাপৰমুখ ৰেলৱে জংচনত নিশা অভিযান চলাই। এই অভিযানকাৰী আৰক্ষী দলটোৱে নিশা প্ৰায় ২:৩০ বজাত চাপৰমুখত জংচনত উপস্থিত হোৱা নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি (মধ্যপ্ৰদেশ) যাত্ৰীবাহী বিশেষ ৰেলখনত অভিযান চলাই। প্ৰাথমিক অৱস্থাত আৰক্ষী দলটোৱে ৰেলখনৰ বিশেষ ডবাত পৰীক্ষা কৰি ১৬ টা গাঞ্জা পেকেট উদ্ধাৰ কৰে। অন্যহাতে আৰক্ষী দলটোৱে বিশেষ পদ্ধতিৰে ০৯৪৩২১ নম্বৰৰ ডবাটোত পৰীক্ষণ কৰাত হতভম্ব হৈ পৰে সকলো। উল্লেখ্য যে, উক্ত ডবাটোৰ বাথৰূমৰ পানীটেংকীৰ ভিতৰত গাঞ্জা সৰবৰাহকাৰীয়ে গাঞ্জাৰ পেকেট লুকুৱাই অনা বুলি এক সূত্ৰ লাভ কৰাত আৰক্ষীয়ে ৰেলখন ৰখাই বিদ্যুত আৰু গেছ কাটাৰ ব্যৱহাৰ কৰি পানী টেংকীৰ চেম্বাৰ কাটি পেলোৱাত সকলোৰে চকু কপালত উঠে। উক্ত পানী টেকীটোত চেম্বাৰ সাজি গাঞ্জা সৰবৰাহকাৰীয়ে পলিঠিনেৰে মেৰিয়াই লুকুৱাই আনিছিল ৭১ টা গাঞ্জাৰ পেকেট। আৰক্ষীয়ে সমূহ গাঞ্জা পেকেট জব্দ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি জব্দ কৰা গাঞ্জাৰ পৰিমাণ ১১২ কেজি আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় চাৰে তিনিকোটি টকা। আৰক্ষীৰ এই অভিযানত ৰেলখন প্ৰায় তিনিঘন্টা সময় ৰ’বলগা হৈছিল। উল্লেখ্য যে, ৰেলখনৰ ডবাৰ ভিতৰত পানী টেংকীত চোৰাং সৰবৰাহকাৰী সকলে অতি বিচক্ষণ আৰু কৌশলেৰে পেকেটিঙ কৰি এই বৃহত পৰিমাণৰ গাঞ্জা লুকুৱাই অনা ঘটনাই আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতাৰো চকু কপালত তুলিছে। কাৰণ ৰেল বিভাগৰ নিজস্ব সুৰক্ষা বাহিনী থকাৰ পাছতো ৰেলৰ ডবাৰ ভিতৰত লোৰ চেম্বাৰ সাজি কেনেকৈ চোৰাং গাঞ্জা সৰবৰাহকাৰীয়ে বৃহত পৰিমাণৰ অবৈধ সামগ্ৰী সৰবৰাহ কৰিবলৈ সক্ষম হৈছে সেয়া অতিকৈ বিচাৰ্য বিষয় হৈ পৰিছে। তদুপৰি আজিৰ আৰক্ষীৰ অভিযানত প্ৰায় তিনিঘন্টাকৈ আবদ্ধ হ’ব লগা পৰিস্থিতিৰ সন্মুখীন হোৱা বহু যাত্ৰীয়ে ৰেল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এই ঘটনাৰ লগত ৰেল বিভাগৰ কোনো লোক জড়িত থকাৰ সন্দেহ কৰিছে। ইয়াৰোপৰি উক্ত ৰেলখনৰ পৰাই হোজাই আৰক্ষীয়ে আজি নিশা ৩৯ পেকেট গাঞ্জা পেকেট সহ ৪ জন লোকক আটক কৰা হৈছে ।ব্যক্তি কেইজন ক্ৰমে পশ্চিম কাৰ্বিআংলঙৰ খেৰণীৰ উত্তম কুমাৰ চৌহান(২৮) ,অতুল চৌহান(২১),কৰুণা নিধি মিশ্ৰ(২৬) আৰু লংকাৰ খাৰিখানাৰ সুৰজ চৌহান(২৮) চাৰিজন ব্যক্তিক সোধপোছৰ বাবে আটক কৰিছে।
প্ৰেৰক ভৱজ্যোতি ডেকা