ঢকুৱাখনাৰ মৰনৈ চাপৰিত পথ দুৰ্ঘটনাঃ তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতে এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজনকৈ লোক
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ঢকুৱাখনাৰ মৰনৈ চাপৰিত আজি বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এটি কণমানি । ঘটনাস্থলীতে মৃত্যু হোৱা শিশুটিৰ নাম মাইনা চুতীয়া (৭) বুলি জানিব পৰা গৈছে। টেক্টৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ।ঘটনা অনুসৰি, মানস চুতীয়া নামৰ যুৱকজনে পত্নীসহ শিশুটিক মটৰচাইকেল লৈ পথেৰে গৈ থকাৰ অৱস্থাতে কাঠ কঢ়িয়াই অনা এখন ট্ৰেক্টৰে প্ৰচণ্ড জোৰত খুন্দা মাৰে।টেক্টৰৰ খুন্দাত ঘটনাস্থলীতে শিশুটিৰ মৃত্যু হোৱাৰ লগতে আন দুজন আৰোহী মানস চুতীয়া আৰু জোনমণি ৰাজখোৱা আহত হয়। ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে আঘাতপ্ৰাপ্ত মানস আৰু জোনমণিক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা টেক্টৰখন পলায়ন কৰে।
প্ৰেৰক পুলকজ্যোতি বৰা