নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ এসময়ৰ সশস্ত্ৰ সংগ্ৰামী নেতা জটিল ৰোগত আক্ৰান্তঃ হাতত নাই ধন, চিকিৎসাত বাধা

বিশেষ বাৰ্তা, নলবাৰী, ২৬ এপ্ৰিলঃ এসময়ৰ সশস্ত্ৰ সংগ্ৰামী নেতা হৈ দপদপাই থকা নলবাৰী জিলাৰ মৰোৱা গাওঁৰ থানেশ্বৰ বৈশ্যই এতিয়া জটিল ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাই পেলাইছে। স্বাধীনতাৰ সপোন দেখা তেজস্বী যুৱকগৰাকী সম্প্ৰতি হৃদৰোগ আৰু স্নায়ু ৰোগত আক্ৰান্ত হৈ নিজ গৃহতেই শয্যাশায়ী হৈ আছে। ধনৰ অভাৱত তেওঁৰ চিকিৎসা বাধাগ্ৰস্ত হৈ পৰিছে। এসময়ৰ বন্দুকধাৰী সংগ্ৰামীগৰাকীৰ আজি এবাৰ খবৰ ল’বলৈয়ো তেওঁৰ সেই সময়ৰ সতীৰ্থসকলৰ আহৰি নাই বুলি অভিযোগ উঠিছে। পৰিয়াল সূত্ৰে জানিব পৰা মতে প্ৰায় তিনি মাহ পূৰ্বে অতি সহজ-সৰল সাধাৰণ জীৱন-যাপন কৰা পঞ্চাশ ঊৰ্ধৰ থানেশ্বৰ বৈশ্য উচ্চ ৰক্তচাপত ষ্ট্ৰোক হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ সামান্য আৰোগ্য লাভ কৰিছিল যদিও এতিয়া তেওঁ স্নায়ু আৰু হৃদৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসা অবিহনে ঘৰতে আছে। তেওঁৰ উন্নত চিকিৎসা কৰিবলৈ পৰিয়ালটোত এতিয়া বহু টকাৰ প্ৰয়োজন। ৰোগাক্ৰান্ত বৈশ্যই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় (উলাবড়ীৰ জাতীয় বিদ্যালয়)ত শিক্ষকতা কৰি মাহিলি পোৱা সামান্য মাননীৰে কোনো মতে ঘৰখন চলাই আহিছিল। এতিয়া অসুস্থতাৰ বাবে সেই উপাৰ্জনখিনিও বন্ধ হৈ পৰাত পৰিয়ালটোৰ আলাই-অথানি হৈ পৰিছে। কণমানি কন্যা সন্তানৰ লগতে পত্নী এতিয়া অসহায় হৈ পৰিছে। স্থানীয় ল’টাছ গ্ৰুপ, বিশিষ্ট সমাজকৰ্মী উজ্বল ডেকা, প্ৰাক্তন আছু নেতা ৰঞ্জিত দাস, প্ৰাক্তন আছু সন্মিলনী,পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্রসন্থা, গ্ৰামীণ বিকাশ সংস্থা আদিয়ে প্ৰাক্তন সংগ্ৰামী নেতাগৰাকীৰ অসুস্থতাৰ খবৰ লৈ আৰ্থিক সহায় আগবঢ়াইছে যদিও তেওঁৰ চিকিৎসাৰ বাবে এতিয়া আৰু বহু ধনৰ প্ৰয়োজন হৈ পৰিছে। সেয়েহে দুৰ্ভগীয়া দুখীয়া পৰিয়ালটোৰ হৈ তেওঁৰ পত্নীয়ে ইচ্ছুক ব্যক্তি,অনুষ্ঠানৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। ৰোগাক্ৰান্ত স্বামী থানেশ্বৰ বৈশ্যৰ নামত  অসম গ্ৰামীণ বিকাশ বেংকৰ মৰোৱা শাখাত থকা ৭০৮৯০১০০০৮৮৪২নম্বৰ একাউণ্টযোগে সহায় আগবঢ়াবলৈ পৰিয়ালটিয়ে কৰোযোৰে অনুৰোধ জনাইছে।
You might also like