নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডৰ ৰাজনীতিত ধুমুহাঃ ২১ এনপিএফ বিধায়কে যোগ দিলে ৰিঅৰ এনডিপিপিতঃ প্রধানমন্ত্রীক ডিমাপুৰত সাক্ষাতৰ পিছতে পট পৰিৱর্তন

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীক কালি ডিমাপুৰত সাক্ষাৎ কৰাৰ পিছতে হঠাৎ পট পৰিৱর্তন ঘটিছে টি আৰ জেলিয়াং নেতৃত্বাধীন নাগা পিপ’লছ ফ্রণ্ট চমুকৈ এনপিএফ দলত৷ নাগালেণ্ডৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি আজি হঠাৎ এনপিএফৰ ২১জন বিধায়কে শাসনাধিষ্ঠিত নেফিঅ ৰিঅ নেতৃত্বাধীন নেচনেল ডেম’ক্রেটিক প্রগ্রেচিভ পার্টী চমুকৈ এন ডি পি পিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ এনপিএফৰ বিধায়িনী দলৰ নেতা টি আৰ জেলিয়াঙৰ নেতৃত্বত ২৫জনীয়া বিধায়িনী দলৰ ২১জন বিধায়কৰে যোগদান কৰাৰ পিছত এতিয়া বিধানসভাত দলটোৰ বিধায়কৰ সংখ্যা চাৰিজনলৈ হ্রাস পালে৷ ইয়াৰ বিপৰীতে এন ডি পি পিৰ বিধায়কৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পালে৷ ইতিমধ্যে আজি নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ছাৰিংগেইন লংকুমাৰে ২১জন বিধায়কে এন পি এফ ত্যাগ কৰি এন ডি পি পিত যোগদান কৰাৰ আনুষ্ঠানিক পত্র লাভ কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ৬০জনীয়া নাগালেণ্ড বিধানসভাত এন পি এফৰ ২৫জন বিধায়কৰ বিপৰীতে এন ডি পি পিৰ বিধায়কৰ সংখ্যা আছিল ২১জন৷ চৰকাৰৰ সহযোগী বিজেপিৰ ১২জন বিধায়কৰ বিপৰীতে দুজন নির্দলীয় বিধায়কো চৰকাৰৰ সহযোগী হৈ আছিল৷ বিগত বর্ষৰ জুলাই মাহত নাগালেণ্ডৰ ৰাজনীতিত এক বিশেষ পৰিৱর্তন ঘটি শাসক–বিৰোধী সকলো ৰাজনৈতিক দলে একত্রিতভাৱে ইউনাইটেড ডেম’ক্রেটিত এলায়েন্স নামেৰে এক সর্বদলীয় মিত্রদল গঠন কৰি বিৰোধী সকলো দলেই নেফিঅ ৰিঅ চৰকাৰৰ অংশীদাৰ হৈছিল৷ উল্লেখ্য যে ইউনাইটেড ডেম’ক্রেটিক এলায়েন্স গঠনৰ পূর্বে নেফিঅ ৰিঅ নেতৃত্বাধীন এন ডি পি পি দলে বিজেপি আৰু নির্দলীয় বিধায়কৰ সৈতে পিপ’লছ ডেম’ক্রেটিক এলায়েন্স গঠন কৰি শাসনভাৰ চলাই আহিছিল যদিও ইউ ডি এ গঠনৰ পাছত এই মিত্রজোঁট ভংগ কৰা হয়৷ অহা বর্ষত বিধানসভাৰ নির্বাচন হ’বলগীয়া চুবুৰীয়া ৰাজ্যখনৰ ৰাজনীতিত আজি হোৱা এই পৰিৱর্তন বিশেষভাৱে তাৎপর্যপূর্ণ আৰু শেহতীয়াকৈ দিল্লীত কুচকাৱাজ অব্যাহত থকা নাগা শান্তি চুক্তিৰ পূর্বে নাগালেণ্ডৰ ৰাজনীতিৰ এনে ৰাজনৈতিক মিত্রতা যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like