নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড গ্রীষ্ম প্রৱাহত দহিছে উত্তৰ–পশ্চিম–মধ্য ভাৰতঃ জলবায়ুৰ পৰিৱর্তনত অভূতপূর্ব ঊর্ধ্বমুখী পাৰাস্তম্ভ

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ দেশৰ উত্তৰ–পশ্চিম আৰু মধ্য প্রান্তৰ ৰাজ্যসমূহত পাৰাস্তম্ভ বৃদ্ধিয়ে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ তাপমাত্রা বৃদ্ধিৰ ফলত প্রচণ্ড গ্রীষ্ম প্রৱাহত দহিছে পঞ্জাব–হাৰিয়ানা–দিল্লী উত্তৰ প্রদেশ– মধ্যপ্রদেশ–ঝাৰখণ্ড ৷ ইতিমধ্যে এপ্রিল মাহৰ তাপমাত্রাই উক্ত ৰাজ্যকেইখনত বিগত ১০ বছৰৰ তাপমাত্রা অতিক্রম কৰিছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উল্লিখিত ৰাজ্যকেইখনৰ পাৰাস্তম্ভই স্বাভাৱিক তাপমাত্রা অতিক্রম কৰি পৰিস্থিতি জটিল কৰি তোলাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি অৰেঞ্জ এলার্ট ঘোষণা কৰিছে৷ স্থানীয় প্রশাসনক এই প্রচণ্ড গ্রীষ্ম প্রৱাহৰ পৰা লোকক সুৰক্ষিত কৰি ৰাখিবলৈ ব্যৱস্থা গ্রহণৰ সতর্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ দেশৰ ৰাজধানী দিল্লীত ইতিমধ্যে এপ্রিল মাহৰ তাপমাত্রা বিগত ১২ বছৰৰ ভিতৰত সর্বাধিক ৪৩.৫ ডিগ্রী অতিক্রম কৰি গড়ে ৪৩.৭ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ উত্তৰ প্রদেশৰ এলাহাবাদত ৪৫.৯ ডিগ্রী চেলছিয়াছ, মধ্যপ্রদেশৰ খাজুৰাহোত ৪৫.৬ ডিগ্রী চেলছিয়াছ, নগঙত ৪৫.৬ ডিগ্রী চেলছিয়াছ আৰু খাৰগনত ৪৫.২ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ তেনেদৰে মহাৰাষ্ট্রৰ আকোলাত ৪৫.৪ ডিগ্রী চেলছিয়াছ, ব্রহ্মপুৰীত ৪৫.২ ডিগ্রী চেলছিয়াছ আৰু জালগাঁৱত ৪৫.৬ ডিগ্রী চেলছিয়াছ স্পর্শ কৰাৰ বিপৰীতে ঝাৰখণ্ডৰ ডাল্টোগঞ্জত ৪৫.৮ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ আজিৰে পৰা ১ মে’লৈকে ৰাজস্থানৰ পশ্চিম প্রান্ত, পঞ্জাব, হাৰিয়ানা, দিল্লী, উত্তৰ প্রদেশৰ পশ্চিম প্রান্ত, মধ্যপ্রদেশ, ঝাৰখণ্ড আদি ৰাজ্যত তাপমাত্রা বৃদ্ধি পাব৷ এই লৈ বতৰ বিজ্ঞান বিভাগে উল্লিখিত ৰাজ্যকেইখনত কালি ইয়েলো এলার্ট জাৰি কৰিছে৷ বতৰ বিজ্ঞান বিভাগৰ মতে, দেশৰ উত্তৰ–পশ্চিম আৰু মধ্য প্রান্তত তাপমাত্রাই ৪৭ ডিগ্রী চেলছিয়াছ স্পর্শ কৰাৰ সম্ভাৱনা আছে৷ ৰাজস্থানৰ ছুৰু, বার্মাৰ, বিকানেৰ আৰু শ্রীগংগা নগৰত স্বাভাৱিক তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ যদিও এই অঞ্চলকেইটাত তাপমাত্রা পৰৱর্তী দিনকেইটাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ গুৰুত্বপূর্ণ যে তাপমাত্রাই ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিলে গ্রীষ্ম প্রৱাহ ঘোষণা কৰা হয় যদিও কিছু অঞ্চলত সর্বাধিক তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিলেহে গ্রীষ্ম প্রৱাহ ঘোষণা কৰা হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশৰ উত্তৰ–পশ্চিম আৰু মধ্য প্রান্তৰ ৰাজ্যসমূহত সম্প্রতি গ্রীষ্ম প্রৱাহ চলি আছে৷ উল্লেখ্য যে চলিত বর্ষৰ মার্চ মাহটোৰ তাপমাত্রাই ১২২ বছৰীয়া অভিলেখ ভংগ কৰিছিল৷ মার্চ মাহত দেশত ৭১ শতাংশ বৰষুণ হ্রাস পাইছিল৷ প্রধানতঃ জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱৰ পৰিণতিতে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি মন্তব্য কৰিছে পৰিৱেশবিদসকলে৷

You might also like