বজাৰৰ জুইত দগ্ধ সর্বসাধাৰণৰ নাভিশ্বাসঃ লিটাৰত ৩৫ টকা পর্যন্ত বৃদ্ধি দামঃ ছেম্পু, চাবোন, বিস্কুট, কেক, প্রসাধন সামগ্রী, প্রিণ্টিং ইংক আদিৰো বাঢ়িল দাম
নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুইত দগ্ধ সর্বসাধাৰণ খাটিখোৱা জনতাই নাভিশ্বাস কাঢ়িবলগীয়া হৈছে৷ ইন্ধনৰ দাম–টোল প্লাজাৰ বর্ধিত কৰে খাদ্যবস্তু–পাচলি–নি ব্যৱহার্য সামগ্রী–জীৱনদায়িনী ঔষধ–নির্মাণ সামগ্রী আদিৰ দৰ ঊর্ধ্বমুখী কৰি তোলাৰ সময়তে এইবাৰ কার্যতঃ মহার্ঘত পৰিণত হ’ল ৰান্ধনিঘৰৰ অন্যতম অত্যাৱশ্যকীয় মিঠাতেল৷ ইণ্ডোনেছিয়াই পাম অইলৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত কার্যকৰী কৰাৰ লগে লগে পূর্বে আশংকা কৰাৰ দৰেই অভাৱনীয়ভাৱে মিঠাতেলৰ দাম বৃদ্ধি পাইছে৷ প্রতিটো কোম্পানীয়ে আকাশলংঘী হাৰত হঠাতে বৃদ্ধি কৰিছে মিঠাতেলৰ দৰ৷ ফলত জনসাধাৰণে চকুৰে সৰিয়হৰ ফুল দেখাৰ অৱস্থা হৈছে৷ আজিৰ দিনটোত ৰাজ্যৰ বজাৰত এক লিটাৰ মিঠাতেলৰ দাম বাঢ়িছে ৬ৰ পৰা ৩৫ টকা পর্যন্ত৷ মিঠাতেলৰ সমান্তৰালভাৱে ৰিফাইন, ছয়া তেল, ৰাইজ ব্রেন, পাম তেল আদি ভোজ্য তেলসমূহৰো দাম বৃদ্ধি হৈছে৷ সর্বাধিক দাম বৃদ্ধি হোৱা মিঠাতেলবিধ হৈছে ইঞ্জিন৷ মাত্র কেইটামান দিন পূর্বে খুচুৰা বজাৰত ১৯০ টকাত উপলব্ধ ইঞ্জিন ব্রেণ্ডৰ প্রতিলিটাৰ মিঠাতেল আজি গ্রাহকে ক্রয় কৰিবলগীয়া হয় ২২৫ টকাত৷ সেইদৰে ১৮৫ টকীয়া অনুপম ব্রেণ্ডৰ মিঠাতেলৰ দাম ১৯১ টকালৈ বাঢ়িছে৷ ধাৰা ব্রেণ্ডৰ মিঠাতেল ১৯৫ টকাৰ পৰা গৈ হৈছে ২১০ টকা৷ ১৭৫ টকীয়া গকুল ব্রেণ্ডৰ মিঠাতেলৰ নতুন দাম হ’ল ১৮৫ টকা৷ অনুৰূপ ধৰণে ১৯৫ টকাৰ পৰা নিভাঁজ ব্রেণ্ডৰ মিঠাতেল ২০৬ টকাত বিক্রী হোৱাৰ বিপৰীতে ছফলা গ’ল্ড ব্রেণ্ডৰ মিঠাতেলৰ দাম ২০৫ টকাৰ পৰা ২৩০ টকালৈ বৃদ্ধি হৈছে৷ গ্রাহকৰ মাজত জনপ্রিয় বাবা ৰামদেৱৰ পতঞ্জলি ব্রেণ্ডৰ মিঠাতেলৰো দাম বাঢ়িছে ১৯৫ টকাৰ পৰা ২০৫ টকালৈ৷ মাত্র কেইদিনমান পূর্বে গ্রাহকে ছানফ্লাৱাৰ ৰিফাইন প্রতিলিটাৰৰ বিপৰীতে ১৯৫ টকাত ক্রয় কৰিছিল৷ যাৰ এতিয়া দাম হৈছে ২২৫ টকা৷ প্রতিলিটাৰ ছয়া তেল ১৬০ টকাৰ পৰা এতিয়া ১৯০ টকীয়া হৈছে৷ প্রতিলিটাৰ পাম তেলৰ দাম ১২৫ টকাৰ পৰা বৃদ্ধি পাইছে ১৬০ টকালৈ৷ উল্লেখ্য যে ভাৰতত ভোজ্য তেলৰ চাহিদাৰ ৬০ শতাংশই আমদানি কৰিবলগীয়া হয়৷ ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াৰ পৰা দেশে আটাইতকৈ বেছি পৰিমাণৰ পাম অইল আমদানি কৰে৷ কিন্তু ইণ্ডোনেছিয়াই পূর্বে কৰা ঘোষণা কালিৰে পৰা কার্যকৰী কৰাৰ লগে লগে সমগ্র দেশৰ ভোজ্য তেলৰ বজাৰত বিৰূপ প্রভাৱ পৰিছে৷ পাম আৰু ছয়া তেলৰ দাম নজিৰবিহীনভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ইয়াৰ বিকল্প হিচাপে ব্যৱহাৰ হোৱালৈ চাই কোম্পানীসমূহে সৰিয়হ উৎপাদন হোৱা বতৰতো আকাশলংঘী হাৰত বঢ়াইছে মিঠাতেলৰ দাম৷ লক্ষণীয়ভাৱে অকল মিঠাতেল বা ভোজ্য তেলেই নহয়, ইণ্ডোনেছিয়াই পাম অইল ভাৰতলৈ ৰপ্তানি কৰাৰ নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে বৃদ্ধি পাইছে ছেম্পু, চাবোন, বিস্কুট, কেক, প্রসাধন সামগ্রী, প্রিণ্টিং ইংক আদিৰো দাম৷ কিয়নো এনেধৰণৰ সামগ্রীসমূহ প্রস্তুত কৰাৰ ক্ষেত্রত কেঁচামাল হিচাপে ব্যৱহূত হয় পাম অইল৷ ব্রিটেনিয়া, বিছফাম, আইটিচি আদি বিস্কুট প্রস্তুতকর্তা কোম্পানীসমূহে প্রতি পেকেট বিস্কুটৰ সর্বোচ্চ খুচুৰা বিক্রী দাম প্রায় ১৫ শতাংশলৈ বঢ়াইছে৷ উদাহৰণস্বৰূপে কেইটামান দিন পূর্বে প্রতি পেকেট ৩০ টকীয়া গুডডে’ বিস্কুটৰ দাম এতিয়া হৈছে ৩৫ টকা৷ সেইদৰে মেৰীগ’ল্ড বিস্কুটৰ দাম ৩৫ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি পাইছে৷ পার্লেজি, টপগ’ল্ড, ডাইজেছটিভ আদি বিস্কুটসমূহৰো প্রতিটো পেকেটত দাম বাঢ়িছে ৫–৬ টকাকৈ৷ হিন্দুস্তান ইউনিলিভাৰ, নেচলে, গডৰেজ, কনজিউমার্ছ প্রডাক্টছ, মেৰিকো আদি চাবোন–ছেম্পু–প্রসাধ সামগ্রী প্রস্তুত কৰা সংস্থাসমূহেও উৎপাদিত দ্রব্যৰ দাম বৃদ্ধি কৰিছে৷ পিয়ের্ছ, লাক্স, ৰেক্সনা, হামাম, ডেট’ল, লিৰিল, লাইফ বয় আদিকে ধৰি সকলো গা ধোৱা চাবোনৰ দাম ৫–৬ টকাকৈ বঢ়াৰ সমান্তৰালভাৱে কাপোৰ–বাচন ধোৱা চাবোন আৰু লিকুইডৰো দাম বৃদ্ধি পাইছে৷ দাম বৃদ্ধিৰ আওতাৰ পৰা বাদ পৰি যোৱা নাই জনসাধাৰণে বিছনাৰ পৰা উঠিয়েই ব্যৱহাৰ কৰা টুথপেষ্টো৷ প্রতিটো কোম্পানীৰ টুথপেষ্টত বৃদ্ধি কৰা হৈছে ২–৬ টকা পর্যন্ত দাম৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল– শিশু খাদ্য গ্রাহকে ১০ৰ পৰা ১৫ শতাংশ অধিক দামত ক্রয় কৰিবলগীয়া হৈছে৷ মাত্র কেইটামান দিন পূর্বে ১০৫ টকাত বিক্রী হোৱা লেক্ট’জেনৰ এটা পেকেটৰ দাম এতিয়া হৈছে ১২৯ টকা৷ হৰলিক্সৰ দাম ১৮০ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি পাইছে৷ অনুৰূপ ধৰণে নান, ছেৰেলেক্স আদি শিশু খাদ্যসমূহৰো বাঢ়িছে সর্বোচ্চ খুচুৰা বিক্রী দৰ৷ এক কথাত ক’বলৈ গ’লে দাম বৃদ্ধিৰ আওতাত নথকা বজাৰত এতিয়া কোনো এবিধ সামগ্রীয়েই পাবলৈ নাই৷ বজাৰৰ এই জুইকুৰাৰ মাজতেই সর্বসাধাৰণৰ লগতে মধ্যবিত্তলৈও সংকট নমাই আনিছে চাউলৰ ঊর্ধ্বমুখী দামে৷ কেইদিনমান পূর্বে পাইকাৰী বজাৰত প্রতি কুইণ্টল কেআৰটি চাউলৰ দৰ আছিল ৩,৩০০ টকা৷ কিন্তু এতিয়া পাইকাৰী বজাৰতে এইবিধ চাউলৰ মূল্য ৪০০ টকা অর্থাৎ ৩,৭০০ টকালৈ বৃদ্ধি পাইছে৷ প্রতি কুইণ্টলত ৪,৭০০ টকাৰ সোমাশক্তি চাউলৰ দাম হৈছেগৈ ৫,৩০০ টকা৷ সাধাৰণ আইজং চাউলৰ দাম ৩,৩০০ টকাৰ পৰা ৩,৬০০ টকালৈ আৰু সাধাৰণ উষ্ণা চাউলৰ দৰ ৩,৪০০ টকাৰ পৰা ৩,৭০০ টকালৈ বৃদ্ধি হৈছে৷ বহিঃৰাজ্যৰ পৰা আমদানিকৃত উন্নতমানৰ চাউলৰো দাম বৃদ্ধি হৈছে আকাশলংঘী হাৰত৷ পূর্বে এক কুইণ্টল ঋষি–সিদ্ধি চাউল গ্রাহকে ৭,০০০ টকাত ক্রয় কৰিছিল৷ কিন্তু এতিয়া ইয়াৰ দাম হৈছে ৭,২৮০ টকা৷ ক’ৰোনাত পৃষ্ট জনসাধাৰণক সম্প্রতি এনেদৰেই দাম বৃদ্ধিয়ে কোঙা কৰি পেলাইছে৷ এই অৱস্থাৰ পৰা দুর্যোগপীড়িত জনসাধাৰণক সকাহ দিবলৈ চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰিবনে? এই প্রশ্ণটোৱে চর্চিত হৈছে প্রতিজন মানুহৰ মুখে মুখে৷