নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি তাঁত শিল্পৰ মৃত্যুঘণ্টা! পাট-মূগা শিল্প ৰক্ষাৰ বাবে নাই চৰকাৰৰ উচিত পদক্ষেপ

পাট সূতাৰ উৰ্ধমূখী দামে কোঙা কৰিছে শিপিনী -ক্ষুদ্ৰ ব্যৱসায়ীক
বিশেষ বাৰ্তা, শুৱালকুছি, ৩০ এপ্ৰিলঃ বিশ্বব্যাপী খ্যাতি লাভ কৰা শুৱালকুছিৰ বস্ত্ৰশিল্প গভীৰ সংকটত! সম্প্ৰতি শিল্পটোৰ অত্যাৱশ্যকীয় সামগ্ৰী পাট আৰু টচৰ সূতাৰ উৰ্ধমূখী দামে জুৰুলা কৰিছে শিপিনী সমাজক৷ মাথো বিয়া বাৰু উৎসৱ পাৰ্বনৰ বাবেহে জীয়াই আছে শুৱালকুছিৰ তাঁতশিল্প৷ এতিয়া বহিঃৰাজ্য বাংগালুৰুৰ লগতে নামনি অসমৰ ধুবুৰীৰ পাৱাৰলুমত উৎপাদন কৰা তথা কম দামতে ৰংচঙীয়া এ চি খ্যাত কটন মেখেলা চাদৰৰ যোৰাই গ্ৰাহকৰ মন মুহিছে৷ যাৰ বাবে শুৱালকুছিত থলুৱাভাবে হস্ততাঁতত উৎপাদিত পাট-মূগা-টচৰ যোৰাৰ লগতে মেখেলাৰো বিক্ৰী একেবাৰে কমি আহিছে৷ ফলস্বৰূপে, সাধাৰণ শিপিনীসকলেই নহয় শুৱালকুছিত থকা বয়ন শিল্প সমবায়সমূহেও মাধমাৰ খাব লগা হৈছে৷ গাঁওখনত থকা কুৰিৰো অধিক বয়ন শিল্প সমবায়ৰ অৱস্থা অতি শোচনীয়৷ যোৱা ৫/৬ বছৰে চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই৷ ফলস্বৰূপে তাঁতশালৰ লগতে বয়ন সমবায়সমূহ মৃত্যুৰ মুখলৈ গতি কৰিছে৷ কৰ্মচাৰীক মাহৰ দৰমহা দিবলৈও সমবায়বোৰে চিন্তা কৰিব ধৰিছে৷ বয়ন শিল্প সমবায় সমূহে শুৱালকুছিৰ বিশুদ্ধ পাট-মূগাৰ কাপোৰত চৰকাৰক জি এছ টি আদায় দি গ্ৰাহকক বিক্ৰী কৰি আছে৷ বিপৰীতে একাংশ দোকানীয়ে জি এছ টি নিদিয়াকৈয়ে শুৱালকুছিৰ কাপোৰৰ লেখিয়া উক্ত বস্ত্ৰৰ ৰমৰমীয়া ব্যৱসায় কৰা দেখা যায়৷ আনহাতে বয়ন শিল্প সমবায় সমূহে গ্ৰাহকৰ সহায়ক হোৱাকৈ মূগা পাট কাপোৰত ১০ শতাংশ ৰেহাই দিছিল৷ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে সিও মুদা মৰিছে ৷ ১০ শতাংশ ৰেহাই দিয়াৰ ফলত গ্ৰাহকসকল আকৰ্ষিতই নহয় সমবায়ৰ যথেষ্ট সকাহ হৈছিল৷
সমবায়বোৰেও এম আই ৰিটেনচন চৰকাৰৰ পৰা ঘুৰাই পাবলৈ সক্ষম হৈছিল৷ সেয়ে বিগত ৫/৬ বছৰে সমবায় সমূহে চৰকাৰৰ পৰা কোনো অৰ্থ সাহায্য লাভ নকৰাত মৃত্যু ঘণ্টাৰ ফালে ধাবিত হৈছে৷ মন কৰিব লগা এই যে শুৱালকুছিত বেনাৰসৰ নকল পাটৰ যোৰাৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে শুৱালকুছি বাসীয়ে ২০১৩ চনত বস্ত্ৰ আন্দোলনৰ জৰিয়তে মুৰাদাবাদ, বেনাৰস আদিৰ পাট কাপোৰৰ যোৰা ৰাজহুৱা স্থানত জ্বলাই দিছিল৷ তাৰ পিছত শুৱালকুছিৰ শিল্পটো জীয়াই থকাৰ সপোন দেখিছিল গাঁওবাসীয়ে৷ বৰ্তমান সূতাৰ লগতে লাগতিয়াল সামগ্ৰীৰ আকাশলংঘী দাম গ্ৰাহকৰ সংখ্যা নিম্নগামী, বহিঃৰাজ্যৰ ৰংচঙীয়া কাপোৰে শুৱালকুছিৰ শিপিনীক ত্ৰাহি মধুসূদন দেখুৱাইছে৷ উল্লেখনীয় যে স্থানীয় বিধায় তথা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই  ৰেচম গাঁওবাসীক ২১ বছৰে প্ৰতিনিধিত্ব কৰাৰ উপক্ৰম৷ বৰঞ্চ ঐতিহ্যমণ্ডিত শুৱালকুছিৰ তাঁত শিল্পৰ সমস্যা হৈয়ে ৰ’ল৷

তাঁতশাল এৰি শ-শ যুৱক-যুৱতী এতিয়া বহিঃজাতিক কোম্পানীত কৰ্মৰত৷ এসময়ত ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীৰ ল’ৰা-ছোৱালীক আত্মসংস্থাপন দিয়া শুৱালকুছিৰ লোক এতিয়া দৈনিক ২০০ ৰ পৰা ৩০০ টকাৰ দিন হাজিৰা পৰা কোম্পানীৰ কৰ্মচাৰী৷ মাথো শুৱালকুছিৰ নাগৰিকৰ এটাই গৌৰৱ৷ আমাৰ জনপ্ৰতিনিধি মুখ্যমন্ত্ৰী৷ অৱশ্যে, আপুৰুগীয়া শুৱালকুছিৰ তাঁতশালৰ সমস্যাৰ বিপৰীতে আন্তঃগাথনি লেখত লবলগীয়া৷ পথ উপপথ, পকী নৰ্দমা, ষ্টেডিয়াম আদি বিৰোধীৰ বাবে ঈৰ্ষণীয়৷ কিন্তু ৰাজ্যৰ প্ৰধান কাণ্ডাৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা বিধায়কগৰাকীয়ে শুৱালকুছিৰ মূগা পাটৰ শিল্প মৃতপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰেনে? নে চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ৷ শিল্পটো যাদুঘৰক যোৱাৰ পূৰ্বে অসম চৰকাৰে এক সুনিৰ্দিষ্ট পৰিকল্পনাৰে প্ৰাচ্যৰ মানচেষ্টাৰ খ্যাত  শুৱালকুছিৰ শিল্পটো ৰক্ষা কৰাটো সময়ৰ আহ্বান৷ অন্যথা এই শিল্পটো ইতিহাস হৈ বুৰঞ্জীৰ পাতত ঠাই ল’বলৈ বেছি দিন নালাগিব৷ 

You might also like