শুৱালকুছি তাঁত শিল্পৰ মৃত্যুঘণ্টা! পাট-মূগা শিল্প ৰক্ষাৰ বাবে নাই চৰকাৰৰ উচিত পদক্ষেপ

তাঁতশাল এৰি শ-শ যুৱক-যুৱতী এতিয়া বহিঃজাতিক কোম্পানীত কৰ্মৰত৷ এসময়ত ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীৰ ল’ৰা-ছোৱালীক আত্মসংস্থাপন দিয়া শুৱালকুছিৰ লোক এতিয়া দৈনিক ২০০ ৰ পৰা ৩০০ টকাৰ দিন হাজিৰা পৰা কোম্পানীৰ কৰ্মচাৰী৷ মাথো শুৱালকুছিৰ নাগৰিকৰ এটাই গৌৰৱ৷ আমাৰ জনপ্ৰতিনিধি মুখ্যমন্ত্ৰী৷ অৱশ্যে, আপুৰুগীয়া শুৱালকুছিৰ তাঁতশালৰ সমস্যাৰ বিপৰীতে আন্তঃগাথনি লেখত লবলগীয়া৷ পথ উপপথ, পকী নৰ্দমা, ষ্টেডিয়াম আদি বিৰোধীৰ বাবে ঈৰ্ষণীয়৷ কিন্তু ৰাজ্যৰ প্ৰধান কাণ্ডাৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা বিধায়কগৰাকীয়ে শুৱালকুছিৰ মূগা পাটৰ শিল্প মৃতপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰেনে? নে চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ৷ শিল্পটো যাদুঘৰক যোৱাৰ পূৰ্বে অসম চৰকাৰে এক সুনিৰ্দিষ্ট পৰিকল্পনাৰে প্ৰাচ্যৰ মানচেষ্টাৰ খ্যাত শুৱালকুছিৰ শিল্পটো ৰক্ষা কৰাটো সময়ৰ আহ্বান৷ অন্যথা এই শিল্পটো ইতিহাস হৈ বুৰঞ্জীৰ পাতত ঠাই ল’বলৈ বেছি দিন নালাগিব৷