দোতমাত ধান ক্ৰয় কেন্দ্ৰ মুকলি বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ
নিয়মীয়া বাৰ্তা, ৪ মে’: কোকৰঝাৰ জিলাৰ দোতমাত আজি ধান ক্ৰয় কেন্দ্ৰ এখন মুকলি কৰিছে বিধায়ক ৰবিবাম নাৰ্জাৰীয়ে৷ জিলাখনৰ দোতমা ৰাজহুৱা সভাগৃহত আজি আনুষ্ঠানিকভাবে মুকলি কৰিছে ধান ক্ৰয় কেন্দ্ৰ৷অসম খাদ্য আৰু আসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত (অসম চৰকাৰৰ কোম্পানী) এই ধান প্ৰতি মোনত ৭৭৬ টকা দৰত ক্ৰয় মূল্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত অনুষ্ঠানত বিভাগৰ সঞ্চালক তথা চি এইচ ডি জ্যোতিন্দ্ৰ বসুমাতাৰীয়ে পৰিচালনা কৰা কেন্দ্ৰ মুকলি অনুষ্ঠানত জিলা কৃষি বিষয়া, অতিৰিক্ত জিলা উপায়ুক্ত ৰাজীৱ কুমাৰ দাস, স্থানীয় দোতমা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰকাশ বসুমতাৰী, খণ্ড উন্নয়ন বিষয়া বিমলা বৰগয়াৰী, অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া অমৰ সিং ব্ৰহ্ম সহ আন বহু কেইগৰাকীমান বিশিষ্ট ব্যক্তি, কৃষক, সমাজ সেৱক আদিয়ে উপস্থিত থাকে৷ আনহাতে পৰৱৰ্তী সময়ত কোকৰাঝাৰ জিলা সদৰ আৰু গোসাঁইগাঁৱত আন দুটা ক্ৰয় কেন্দ্ৰ মুকলি কৰা হ’ব বুলি চি এইচ ডি জ্যোতিন্দ্ৰ বসুমাতাৰীয়ে প্ৰকাশ কৰিছে ।
প্ৰেৰক কৃষ্ণ বৰ্মন