নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত যুৱ ব্যৱসায়ীক হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত পলাতক কয়দী আটক

বিশেষ বাৰ্তা, ৪ মে’ : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এটা কুখ্যাত পলাতক কয়দীক আজি সোণাৰি আৰক্ষীয়ে আটক কৰে। কয়দীটোৰ নাম ৰাকেশ বৰা (৪২) আৰু ঘৰ সোণাৰি পৌৰসভাৰ অন্তৰ্গত লাচিত (চেনিগুদাম) নগৰত। শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা কৌশলেৰে পলায়ন কৰা ৰাকেশ বৰাই প্ৰায় দহ বছৰ কাল আত্মগোপন কৰিছিল। কিন্তু ঈদৰ সময়ত কুখ্যাত পলাতক কয়েদী ৰাকেশ সোণাৰিৰ ঘৰলৈ অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰি জাল পেলায়। কালি নিশাই সোণাৰি আৰক্ষীয়ে সোণাৰি-নামতোলা পথৰ দাতিৰ ঘৰত অতৰ্কিতে অভিযান চলাই ৰাকেশ বৰাক আটক কৰে। আজি ৰাকেশক চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। পাছত শিৱসাগৰ আৰক্ষীয়ে পলাতক কয়েদী ৰাকেশ বৰাক নিজৰ জিম্মালৈ নিয়ে। উল্লেখ্য যে, ৰাকেশ বৰাই ২০০৪ চনৰ ২ আগষ্টত দুই সতীৰ্থৰ সহযোগত সোণাৰি নগৰৰ যুৱ ব্যৱসায়ী চাজিম আহমেদ ওৰফে জাহানুৰক হত্যা কৰিয়েই মধ্যপ্ৰদেশৰ জব্বলপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নৱবিবাহিতা পত্নীসহ ৰাওনা হৈছিল। দুদিনৰ পাছতহে পানীমেটেকাৰ তলত উৱলি যোৱা জাহানুৰৰ মৃতদেহ উদ্ধাৰ হয় আৰু আৰক্ষীয়ে জোৰদাৰ তদন্তত নামি পৰে। ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকা অৱস্থাতে ৮ আগষ্টত ৰাকেশ বৰাক পত্নীসহ আটক কৰিছিল। উল্লেখ্য যে ঘটনাৰ সংক্ৰান্তত আদালতত দীৰ্ঘদিন ধৰি হোৱা গোচৰটোৰ ৰায়দানত হত্যাকাৰী ৰাকেশ বৰাক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ থকা সময়তে ২০১৩ চনৰ ফেব্ৰুৱাৰীত পলায়ন কৰে ৰাকেশে। অসুখৰ ভাও ধৰা ৰাকেশক চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে পলায়ন কৰি আত্মগোপন কৰিছিল।

প্ৰেৰক দীপাংকৰ পাল

You might also like