গোৱালপাৰাত নাবালিকাক ধৰ্ষণ-হত্যাত অভিযুক্ত শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক যাৱজ্জীৱন কাৰাদণ্ড
নিয়মীয়া বাৰ্তা, ৬ মেঃ গোৱালপাৰাৰ আদালতত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যা সংক্ৰান্তীয় গোচৰৰ ৰায় দান । অপৰাধী শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক যাৱজীৱন জেলৰ ৰায়দান দিলে ন্যায়াধীশ এছ ধৰৰ বিশেষ পকছো আদালতে । জীৱিত অৱস্থাত জেলৰ পৰা ওলাব নোৱাৰিব অপৰাধী কালুৱে । এগৰাকী ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি গামোচাৰে গলত মেৰিয়াই হত্যা কৰিছিল কালুৱে । ঘটনাৰ চাৰি বছৰ পিছত যাৱজীৱন জেল হল অপৰাধীটোৰ । ৰংজুলি থানাৰ অন্তৰ্গত শিমলীতোলা চাহ বাগানত সংঘটিত হৈছিল এই জঘন্য ঘটনা ।
প্ৰেৰক উদিত নাৰায়ণ কলিতা