নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই মুহিলে  অগণন দৰ্শকক, নাওবৈচাৰ গোসাঁনীবাৰীত ‘যৰাসন্ধ বধ’ চাবলৈ দৰ্শকৰ সোঁত

বিশেষ বার্তা, নাওবৈচা, ৭ মে’ঃ অসমীয়া গ্ৰাম্য সমাজ জীৱনত ভাওনাই যুগ-যুগ ধৰি প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ইতিহাসে ঢুকি পোৱা দিনৰে পৰা অসমীয়া গাঁৱে-গাঁৱে অপাই-অমংগল তথা সু-দিন বিচাৰি বছৰি বৰসভা আৰু ভাওনা অনুষ্ঠিত কৰি আহিছে। এই উদ্দেশ্যই কালি নাওবৈচা গোসাঁনীবাৰী গাঁৱৰ ৰাইজে বছৰটো ভালেৰে যোৱাৰ লগতে গাঁওখনলৈ সুখ, শান্তি কামনাৰে দিনত বৰসভা আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে  ১৯৬৭ চনতে স্থাপিত গোসাঁনীবাৰী নামঘৰত এনেদৰেই প্ৰত্যেক বছৰে গাঁওখনৰ পৰা অপাই-অমংগল দূৰ হৈ শান্তি-সমৃদ্ধি ঘূৰি অহাৰ বাবেই বছেৰেকীয়া ভাওনা-বৰসভা অনুষ্ঠিত কৰি আহিছে। কালি দিনৰ ভাগত সুকলমে বৰসভাৰ সামৰণিৰ অন্তত নিশালৈ গাঁওখনৰ যুৱকসকলে প্ৰদৰ্শন কৰা ‘যৰাসন্ধ বধ’ ভাওনা দর্শন কৰিবলৈ ভাওনাস্থলীত পাঁচশতাধিক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হ’ল। গাঁওখনৰ যুৱক তথা চেমনীয়াই ভাওনাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে দৰ্শক ৰাইজক। প্ৰকাশযোগ্য যে, ক’ভিডকালীন পৰিবেশৰ দুটা বছৰৰ পিছত মুকলিমুৰীয়াকৈ গুৰুজনাৰ  নাম-কীৰ্ত্তন তথা তেখেতৰ অমৰ সৃষ্টি ভাওনাৰ অভিনয় দৰ্শন কৰি পৰম সন্তুষ্টি লাভ কৰে গাঁওবাসীৰ লগতে অন্যান্য প্ৰান্তৰ পৰা অহা দৰ্শক ৰাইজে।

You might also like