শিঙিমাৰিত ৰাজ্যৰ কৃষি বিভাগৰ কৃষকৰ সমস্যাৰ ওপৰত পৰ্যালোচনা সভা
নিয়মীয়া বাৰ্তা, ৭ মে’: কৃষক আৰু কৃষি বিভাগৰ একাত্মতাই হে পথাৰত কৃষিজাত সামগ্ৰী উৎপাদন ব্দ্ধি কৰিব ৷ আজিৰ যুৱ প্ৰজন্ম কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট নোহোৱাৰ বাবেই ক্ৰমাগত ভাবে পথাৰত শষ্য উৎপাদন কমি আহিছে ৷ এই মন্তব্য কামৰূপ জিলাৰ কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীৰ ৷ আজি দিনৰ ১১ বজাত শিঙিমাৰি লখিমী হোটেলৰ সভাঘৰত অনুস্হিত কৃষকৰ সমস্যা সন্দৰ্ভত অনুস্হিত হোৱা পৰ্যালোচনা সভাত অংশ লৈ ক্ষি বিষয়া গৰাকীয়ে কৃষকৰ সমস্যা সমুহ কিদৰে বিভাগটোৱে সমাধান কৰিব পাৰি তাৰ ওপৰত এক তাৎপৰ্যপূৰ্ণ বক্তব্য দাঙি ধৰে ৷ পথাৰত পানী যোগান মেচিনৰ বাবে চৰকাৰে ৮০ শতাংশ চাবচিডি দিয়ে বাকী ২০ শতাংশ কৃষকে আদায় দিব লাগিব বুলি তেওঁ উল্লেখ কৰি ক্ষক সকলক এই সুবিধা লবলৈ আহ্বান জনায় ৷ তেনেদৰে বিদ্যুৰ পাম্পৰো সুবিধা আছে ৷ মুখ্যমন্ত্ৰী সমগ্ৰ গাওঁ উন্নয়ন যোজনা আচনিৰ জৰিয়তে চৰকাৰে কৃষক সকলক টেক্টৰকে ধৰি কৃষি কাৰ্যত জড়িত বিভিন্ন সামগ্ৰী আগবঢ়াই আহিছে ৷ গ্ৰামাঞ্চলৰ কৃষক ৰাইজক ইয়াৰ সুবিধা লৈ কৃষি কাৰ্যত মনোনিবেশ দিবলৈ কৃষক সকলক আহ্বান জনায় ৷
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সুবিধা লাভ কৰা প্ৰতিগৰাকী হিতাধীকাৰীক চৰকাৰে আই কাৰ্ড দিব বুলিও তেওঁ দোহাৰে ৷ বীজ, সাৰ আদি উপযুক্ত সময়ত দিয়াৰ ওপৰত ক্ষি বিভাগে পৰৱৰ্তী দিনত গুৰুত্ব দিব বুলি উল্লেখ কৰি তেওঁ ক্ষক সকলক জৈবিক ক্ষেতিটো গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ বয়োজ্যেষ্ঠ নাগৰিক গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ সঞ্চালনাত অনুস্হিত পৰ্যলোচনা সভাত উপস্থিত থাকি কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত উপ সচিব দেবেন কলিতাই কৃষকসকলে পথাৰত কম কষ্টতে কিদৰে কৃষক সকলে বেচি ফচল লাভ কৰিবলৈ সক্ষম হব তাৰ ওপৰত এক প্ৰাঞ্জল ভাষণ প্ৰদান কৰে ৷ সভাত কাৰিকৰী সঞ্চালক বিমল প্ৰসাদ দেউৰীয়েও ক্ষক সকলক উদ্দেশ্যি কিছু বক্তব্য আগবঢ়ায় ৷ তেওঁ কৃষক সকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰিবলৈ আহ্বান জনায় ৷ চৰকাৰে এই বছৰ মৰাপাট, মাটিমাহ আৰু শালিধানৰ ওপৰত ফচল বীমা প্ৰযোজ্য কৰিব বুলি তেওঁ দোহাৰে ৷ সভাত কৃষি উন্নয়ন বিষয়া চৈয়দ জাকিৰ হুচেইন, কৃষি বাণিজ্য শাখা সঞ্চালকৰ পৰিদৰ্শক গোবিন্দ দাস প্ৰমুখ্যে কেবাজনো ক্ষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বংশৰ আৰু পশ্চিম বংশৰ মৌজাৰ অৰ্ধ শতাধিক ক্ষকে অংশ গ্ৰহণ কৰি দীৰ্ঘদিন ধৰি তেওঁলোকে ভূগি থকা সদস্যা সমুহৰ বিষয়ে ক্ষি বিভাগৰ বিষয়া সকলক অৱগত কৰি ইয়াৰ পৰিত্ৰাণ বিচাৰে ৷ বিষয়া সকলে পৰ্যায়ক্ৰমে ক্ষক সকলৰ সকলো সমস্যাৰ সমাধান ঘটাব বুলি আশ্বাস প্ৰদান কৰি ক্ষি বিভাগৰ লগত সঘনে যোগাযোগ অব্যাহত ৰাখি চৰকাৰৰ কৃষক ৰাইজলৈ আগবঢ়োৱা সকলো সা সুবিধা গ্ৰহণ কৰাৰ বাবে কৃষকসকলক আহ্বান জনায় ৷