নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ বিশিষ্ট সমাজকৰ্মী সুনীল ৰাজাৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৯ মে: মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত সুনীল কুমাৰ ৰাজাৰ সোঁৱৰণত আজি এখন স্মৃতিচাৰণ সভা আয়োজন কৰা হয় মৰিগাঁৱৰ ভূৰাগাঁওস্থিত ৰাজাৰ নিজা বাসভৱনত। পৰিয়াল, আত্মীয় কুটুম্বৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল স্মৃতিচাৰণ সভাখনত । মৃত্যুৰ আগ মুহূৰ্তলৈকে ভূৰাগাঁৱৰ সমাজখনলৈ আগবঢ়োৱা অৱদান আৰু ত্যাগক সোঁৱৰণ কৰি ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন অধ্যক্ষ ৰামপ্ৰীত চৌহানে কয়: সাহসী সত্তা আৰু স্পষ্টব‍াদিতাৰ প্ৰতীক আছিল সুনীল ৰাজা । মৃত্যুৰ আগমুহূৰ্তলৈকে সেই সাহস প্ৰদৰ্শন কৰি গ’ল । ৰুগীয়া দেহাৰেই ভূৰাগাঁৱৰ পৰা গুৱাহাটীলৈ নিজেই গাড়ী চলাই গৈছিল চিকিৎসাৰ বাবে । সেইদৰে জেষ্ঠ নাগৰিক কাছেম আলীয়ে কয় হিন্দু – মুছলামৰ মিলন ভূমি ভূৰাগাঁৱৰ এগৰাকী হোতা আমি অকালতে হেৰুৱালো। এনদৰে কেইবাগৰাকী শুভাকাংক্ষীয়ে প্ৰয়াত সুনীল ৰাজাক স্মৰণ কৰি তেওঁ ব্যক্তি সত্তা, সমাজৰ সেৱাৰ আদিকে ধৰি বিভিন্ন দিশ সোঁৱৰণ কৰে । তাৰ ভিতৰত নাৰায়ণ আগৰৱালা , ব্ৰহ্ম সৰকাৰ , জামাদাৰ সিং আৰু প্ৰদীপ ডেকা অন্যতম। ইয়াৰ পূৰ্বে সমাজকৰ্মী সুনীল ৰাজাৰ প্ৰতিছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলনৰে স্মৃতি চাৰণ সভাৰ শুভাৰম্ভ কৰে জেষ্ঠ ভাতৃ অজিত ৰাজাই । সাংবাদিক মানস ডেকাই আঁত ধৰা সভা খনতে ” সুনীল ৰাজা জীৱন আৰু কৃতী ” নামৰ এখন স্মৃতি গ্ৰন্থ আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় । স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা হৰি ডেকাই । আনহতে অন্যন্য ব্যক্তিত্বৰ অধিকাৰী প্ৰায়ত সুনীল কুমাৰ ৰাজাৰ কৰ্মৰাজীক জীয়াই ৰখাৰ উদ্দেশ্যে এট কল্যাণ ন্যাস গঠনৰ কথা ঘোষণা কৰে । ন্যাস সন্দৰ্ভত জেষ্ঠ ভাতৃ অনিল ৰাজাই এনেদৰে কয় যে সমাজৰ দৰিদ্ৰ আৰু অসহায় লোক সহায় কৰিব পৰাকৈ ন্যাসৰ পৰিকল্পনা কৰা হৈছে । আজীৱন সামাজিক কাম আৰু অসহায় লোকৰ সেবাত নিজকে ব্যস্ত ৰখা সুনীল ৰাজা পৰিয়ালে গ্ৰহণ কৰা “সুনীল ৰাজা কল্যাণ ন্যাস গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে ।

প্ৰেৰক আবুল কালাম

You might also like