অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচানঃ যোগীঘোপাত আৰক্ষীৰ উদ্যোগত চাইকেল সমদল
নিয়মীয়া বাৰ্তা, ৯ মেঃ- ৰাষ্ট্ৰপতিৰ ‘নিচান’ সন্মানেৰে সন্মানিত হব অসম আৰক্ষী । অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ এই বিশেষ সন্মান লাভ কৰাৰ প্ৰাকক্ষণত বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীৰ দ্বাৰা যোগীঘোপাত চলিছে ব্যাপক সজাগতা অভিযান । এই অভিযানৰ অংশ হিচাপে আজি যোগীঘোপা আৰক্ষীৰ উদ্যোগত এক বিশাল চাইকেল সমদল উলিয়ায় । চাইকেল সমদলত আৰক্ষীৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।যোগীঘোপা থানাৰ পৰা উলিওৱা সমদলত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে কাবাইটাৰী হৈ চলন্তাপাৰালৈ যায় । চলন্তাপাৰাৰ পৰা পুনৰ যোগীঘোপা থানালৈ উভতি আহি সমদল সামৰণি মাৰে ।আনহাতে কালি যোগীঘোপা থানাৰ উদ্যোগত আৰু থানাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত মটৰচাইকেল সমদল উলিয়ায়। বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত থাকি মটৰ চাইকেল সমদলৰ ফ্লেগ অফ কৰি নিজেই সমদলত অংশগ্ৰহণ কৰে।
প্ৰেৰক টিংকু চন্দ্ৰ দাস