হোজাই গাৰ্লছ কলেজত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মদিন উদযাপন
নিয়মীয়া বার্তা, ৯ মে : হোজাই গাৰ্লছ কলেজৰ বাংলা বিভাগৰ উদ্যোগত আৰু নিখিল ভাৰত বঙ্গ সাহিত্য সমিলনৰ হোজাই শাখাৰ সৌজন্যত আজি হোজাইৰ গাৰ্লছ কলেজত। ৰবীন্দ্ৰ প্ৰণাম শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা জয় ।কলেজখনৰ বাংলা বিভাগৰ প্ৰবক্তা ডঃ পিযূষ নান্দীয়ে পৰিচালনা কৰা অনুষ্ঠানৰ আৰম্ভণিতে নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ হোজাই শাখাৰ সভাপতি প্ৰমোদ দাসে কবিগুৰু জনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জললি প্ৰদান কৰি মালা পৰিধান কৰে । সভাপতি জনে নিজৰ উদ্ধধনী ভাষণত ৰবীন্দ্ৰ নাথ কেৱল বাংলা ভাষাৰ সাহিত্যিক নাছিল তেওঁৰ সৃষ্টিত বিশ্বৰ মানৱতাৰ ধ্বনি প্ৰতিদ্ধিত হৈছিল । তেওঁৰ এই মানৱতাৰ ভাষা আছিল বাংলা । উদ্ধোধনী ভাষণৰ পিছত ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰাণ কৃষ্ণ কৰে ৰবীন্দ্ৰ সাহিত্যৰ ওপৰত তত্ত্ব গধুৰ বক্তব্য ৰাখে । এই অনুষ্ঠানত আশীৰ্বানী কৰ, ডঃ জয়ন্ত বিশ্বাস বিশ্বজিত দেৱনাথ, ৰশ্মি দে আদিয়ে ৰবীন্দ্ৰ সংগীত, কলেজ খনৰ কেইবাগৰাকী ছাত্ৰীয়ে ৰবীন্দ্ৰ নৃত্য আৰু ডঃ পিয়ুষ নন্দীয়ে ৰবীন্দ্ৰ সহিত্যৰ বিশেষকৈ গীতাঞ্জলিৰ কবিতাৰ ওপৰত তত্ব গধুৰ ব্যখ্যা আগবঢ়ায় ।উক্ত অনুষ্ঠানত নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ হোজাই শাখাৰ বিষয়ববীয়া সকলৰ উপৰিও অনুষ্ঠানত কলেজ খনৰ ছাত্ৰী শিক্ষয়েত্ৰী সকলে বিভিন্ন বিভাগত অংশগ্ৰহণ কৰি অনুষ্ঠান জীপাল কৰি তোলে ।
প্ৰেৰক কিশলয় ডি গোস্বামী