ওম চচিয়েল এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেচনৰ উদ্যোগত “আদৰ্শ মাতৃ বঁটা” প্ৰদান
নিয়মীয়া বাৰ্তা, ১০ মেঃ Om Social and Development Foundation ৰ উদ্যোগত সোমবাৰে ২৬ গৰাকীক “আদৰ্শ মাতৃ বঁটা” প্ৰদান কৰা হয়৷ সাহিত্য-সংস্কৃতিকে প্ৰমুখ্য কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা আৰু একান্ত সাধক হিচাপে কৰ্ম কৰি যোৱা বাচকবনীয়া ২৬ গৰাকীক নগাঁও লায়ন্স ক্লাৱৰ সভাকক্ষত ” আদৰ্শ মাতৃ বঁটা” প্ৰদান কৰা হয়৷ বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপক তথা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে৷ চেতনা দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ বহু প্ৰতিভাই প্ৰদৰ্শন কৰে৷ সংবাদমাধ্যমৰ সন্মুখতেই মত প্ৰকাশ কৰেযে, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত লৈ যিমানেই অট্টালিকাত বাস নকৰক কিয় তাত কনমানো সুখ নাই৷