প্ৰায় ১লাখ শিক্ষক-৬০লাখ শিক্ষাৰ্থীক স্পৰ্শ কৰাকৈ নতুন আঁচনিঃ শিক্ষামন্ত্ৰী
দুৰ্গা পূজালৈকে নহয় কোনো ধৰণৰ বদলিকৰণঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জনতা ভৱনত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- স্কুল ইউনিফৰ্মৰ বাবে মুকলি কৰি দিয়া হৈছে ৪৫০ কোটি টকা
- স্কুল পৰিচালনা কমিটীৰ জৰিয়তে দিয়া হ’ব ইউনিৰ্ফম
- ৪যোৰকৈ স্কুলীয়া ইউনিৰ্ফম পাব ছাত্ৰ-ছাত্ৰীয়ে
- প্ৰথমবাৰলৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও পাব ইউনিৰ্ফম
- মাৰ্চ মাহৰ ভিতৰত দুযোৰকৈ ইউনিৰ্ফম পাব শিক্ষাৰ্থীয়ে
- স্কুল কৰ্তৃপক্ষই গুণগত মানদণ্ডৰ ইউনিৰ্ফম যোগান ধৰিব লাগিব
- গুণগত মানদণ্ডৰ ইউনিৰ্ফম যোগান নধৰিলে লোৱা হ’ব ব্যৱস্থা
- ৰাজ্যত সৰ্বমুঠ ২৩ হাজাৰ শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা
- প্ৰাথমিক পৰ্যায়ত পূৰণ কৰা হ’ব ১৫ হাজাৰ শিক্ষকৰ পদ
- এপ্ৰিলৰ আগতে ৬ হাজাৰ মাধ্যমিক শিক্ষকক নিযুক্তিৰ ব্যৱস্থা
- ৪৯৯৩খন প্ৰাথমিক-মধ্য ইংৰাজী স্কুল প্ৰাদেশীকৰণ হ’ব
- ৯৬২ কোটি টকা স্কুল সমূহক মোকলাই দিয়া হ’ব
- ৬২০খন হাইস্কুল প্ৰাদেশীকৰণ কৰা হ’ব
- ৪৮২৮জন হাইস্কুল শিক্ষকৰ চাকৰি নিয়মীয়া হ’ব
- ৩০খন নতুন কলেজ প্ৰাদেশীকৰণ কৰা হ’ব
- ৯০০ অধ্যাপকৰ পদ নিয়মীয়াকৰণ হ’ব
- ১৫ আগষ্টৰ আগতে সম্পন্ন কৰা হ’ব এই সকলোবোৰ কাম
- ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা, ৬০ বছৰলৈ চাকৰিৰ নিৰাপত্তাকে ধৰি সকলো সমস্যা সমাধান কৰা হ’ব
- কম্পিউটাৰ শিক্ষক সকলোৰো চাকৰিৰ মানদণ্ড উন্নত কৰা হ’ব
- প্ৰায় ১লাখ শিক্ষক আৰু ৬০লাখ শিক্ষাৰ্থীক স্পৰ্শ কৰাকৈ নতুন আঁচনি
- দুৰ্গা পূজালৈকে নহয় কোনো ধৰণৰ বদলিকৰণৰ কাম
- বিগত ডেৰ বছৰৰ বদলিকৰণো পুণৰ নিৰীক্ষণ কৰা হ’ব
- শিক্ষকসকলক দিছপুৰ আৰু কাহিলীপাৰাৰ সলনি শ্ৰেণীকোঠাত মন দিবলৈ আহ্বান শিক্ষামন্ত্ৰীগৰাকীৰ
- শিক্ষকসকলৰ বাবে হ’ব নতুন ৱেবছাইট, ৱেবছাইটত দিব পাৰিব অভিযোগ
- দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ব অসমীয়া
- অসমীয়া নাজানিলে ভৱিষ্যতে অসমত নাপাব চাকৰি
- সংবাদমেলত এই মন্তব্য শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ