বানৰ কবলত পৰা সমষ্টিৰ ৰাইজক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাসঃ নগাঁৱত বানপীড়িতৰ কাষত বিধায়ক ৰূপক শৰ্মা
বিশেষ বাৰ্তা, ১৯ মে’: সমগ্ৰ ৰাজ্যৰ ২৬খন জিলাৰ লগতে নগাঁও জিলাতো বৰ্তমান সংহাৰী বানে কালৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট পঞ্চায়তৰ বৰক’লা, তুলসী দেউৰী পঞ্চায়তৰ কুৰাবাহী আৰু পাখিমৰীয়া পঞ্চায়তৰ অলপীয়া বেবেজীয়াৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে। বানৰ কবলত পৰা উক্ত অঞ্চল সমূহ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি উপস্থিত হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ বিধায়ক গৰাকী বানৰ কবলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ আগমুহূৰ্তত প্ৰথমে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয় থকা আশ্ৰয় শিৱিৰত গৈ উপস্থিত হৈ বৰ্ণাত্য সকলৰ সুবিধা-অসুবিধাৰ বুজ লয়। তাৰ পাছতে বৰক’লা আৰু তুলসীমুখত উপস্থিত হৈ অঞ্চল কেইটাত বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লয় । বানৰ কবলত পৰা বন্যাৰ্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হব লগা নহয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাই জিলা প্ৰশাসনৰ সহযোগত সকলো প্ৰকাৰে ব্যৱস্থা কৰা হব বুলি জানিব পৰা গৈছে ৷ আনহাতে, সমষ্টিটোৰ কছুপিট, ৰাঙলুমুখকে ধৰি কেইবাখনো গাঁৱত পানী সোমাই সহস্ৰাধিক লোক বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক কনক হাজৰিকা