মৰিয়নিৰ নকছাৰীত বাগৰিল বলেৰো পিকআপঃ আহত ৩৫ শ্ৰমিক
বিশেষ বাৰ্তা, ১৯ মেঃ চাহ বাগিচাৰ একাংশ কৰ্তৃপক্ষই শ্ৰমিকক কঢ়িয়াবৰ বাবে পিক আপ ভান ব্যৱহাৰ কৰাৰ পৰিণতিত আজি মৰিয়নিৰ সমীপত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । মৰিয়নিৰ নকছাৰীৰ সমীপৰ খাটিসোনা অঞ্চলত মৰিয়নি আমগুৰি ধোদৰ আলিত সংঘটিত হয় এই দুৰ্ঘটনা । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নিৰ সমীপৰ ভেলাগুৰি চাহ বাগিচাৰ পৰা দিহিঙীয়াপাৰ চাহ বাগিচালৈ শ্ৰমিক কঢ়িয়াই অনা এ এছ ০৩ – বিচি- ১৮৮৩ নম্বৰৰ ব’লেৰ’ পিক আপ বাহনখন পথৰ ওপৰতে বাগৰি পৰে । উল্লেখযোগ্য যে, দিহিঙীয়াপাৰ চাহ বাগিচাৰ পৰা ভেলাগুৰি চাহ বাগিচালৈ দৈনিক এইদৰে বহুসংখ্যক শ্ৰমিকক কঢ়িয়াই কামলৈ নিয়া হয় । আজি কামৰ শেষত শ্ৰমিকসকলক দিহিঙীয়াপাৰ বাগিচালৈ লৈ আনোতে এই ঘটনা ঘটে । বিয়লি প্ৰায় ৫-৪৫ মান বজাত খাটিসোনা তিনি আলিৰ সমীপত পথৰ ওপৰতে পিক আপ বাহনখন বাগৰি পৰে । ফলত বাহনখনত থকা পুৰুষ – মহিলা সমন্বিতে প্ৰায় ৩৫ গৰাকী শ্ৰমিকৰ প্ৰায় সকলোৱেই কম বেছি পৰিমাণে আঘাত প্ৰাপ্ত হয় । ইয়াৰে ৩০ জন মান লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় । তেওঁলোকক স্থানীয় লোকে উদ্ধাৰ কৰে । আনহাতে, মৰিয়নি আৰু দেবেৰাপাৰৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য্যত সহযোগ কৰে । পিছত আহত সকলোকে এম্বুলেন্সৰ সহায়ত চুঙী লাহিঙত অৱস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু ইয়াৰে ২৮ গৰাকী লোকৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ইয়াৰে দেবু চাহু নামৰ পুৰুষ আৰু ইলিয়া তানপুৰীয়া নামৰ মহিলা শ্ৰমিক দুগৰাকীৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে । ১০৮ মৃত্যুঞ্জয় সেৱাৰ দহখনৰো অধিক এম্বুলেন্সে আহত লোকসকলক মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ কঢ়িয়ায় । দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও তীব্ৰ গতিৰ বাবেই দুৰ্ঘটনাটো ঘটিবলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে । উল্লেখযোগ্য যে, চাহ বাগিচাসমূহত অস্থায়ী শ্ৰমিক যোগান ধৰা একাংশ ঠিকাদাৰে এইদৰে অধিক লাভৰ আশাত শ্ৰমিকসকলক গৰু ছাগলীৰ দৰে মালবাহী বাহনত অতি বিপজ্জনকভাৱে অনা নিয়া কৰি আহিছে । আজিৰ ঘটনাও তেনে কাৰণতে সংঘটিত হ’বলৈ পালে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । লক্ষণীয় যে, মৰিয়নি আৰক্ষী থানাৰ লগতে দেবেৰাপাৰ আৰক্ষী চকীৰ সন্মুখেৰেই এইদৰে পিক আপ বাহনত শ্ৰমিক কঢ়িয়াই অনা নিয়া কৰিয়েই আছে । কিন্তু এইবোৰক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা আজিকোপতি পৰিলক্ষিত হোৱা নাই । ইয়াৰ পিছত আৰক্ষী বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া