নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহস্ৰাধিক জলবন্দীক উদ্ধাৰ হোজাইতঃ মন্ত্ৰীৰ এচকৰ্ট দুর্ঘটনাগ্ৰস্ত হৈ আহত চাৰি

নিয়মীয়া বার্তা, ১৭ মে: শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু কৃষিমন্ত্ৰী অতুল বৰাই হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক লগত লৈ বান পৰিস্থিতিৰ বুজ লয় । বিশেষকৈ উদ্ধাৰ আৰু সাহায্যৰ দিশটো পর্যবেক্ষণ কৰে মন্ত্ৰী দুজনে । এই সন্দৰ্ভত জিলাৰ বিষয়াবৰ্গৰ লগত এক আলোচনাত মিলিত হয়। ইফালে হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জনৰ অমনোযোগিতাৰ বাবে সাহায্য সামগ্ৰী বিতৰণত খেলি মেলি হোৱাত জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজে আজি বানাক্ৰান্তসকলৰ মাজত পৰ্যাপ্ত সাহায্য সামগ্ৰী প্ৰেৰণৰ দিহা কৰে । উল্লেখ্য যে যোৱা হোজাইৰ বিধায়কৰ তৎপৰতাত জিলা উপায়ুক্তজনে ৰেলযোগে ৰেলপথত আশ্ৰয় লোৱা লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । এই বানত হোজাই জিলাৰ মুঠ ৫৭টা পথ ক্ষতিগ্ৰস্ত হৈছে ইয়াৰে ৩৭টা গড়কাপ্টানী পথ আৰু ২২টা PMGSY পথ । জিলা খনৰ প্ৰায় ৪০ হাজাৰ পশুধনৰ লগতে বহু হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । আজিও প্ৰায় এহেজাৰ জলবন্দী বানাক্ৰান্তক সেনা বাহিনী, এছ ডি আৰ এফ, এন ডি আৰ এফৰ লোকে উদ্ধাৰ কৰে । এই দল তিনিটাই প্ৰায় ২৬খন উদ্ধাৰকাৰী নাৱেৰে দহ হাজাৰৰো অধিক লোকক নিৰপদে উদ্ধাৰ কৰে বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনাইছে । আজি দুই মন্ত্ৰীয়ে হোজাই আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ বান পৰিদৰ্শন কৰি ঘূৰি অহাৰ সময়ত হোজাই স্বাস্থ্য বিভাগৰ এখন এম্বুলেঞ্চৰ খুন্দাত এজন বানাক্ৰান্ত নিহত হয় । বানাক্ৰান্ত হোজাই কোমোৰাকটা বন গাঁৱৰ নিবাসী পৱিত্ৰ নমঃশূদ্ৰৰ পুত্ৰ সঞ্জীত নমঃশূদ্ৰক এ এছ ০১-এ ডি ৫৬৬১ নম্বৰৰ এম্বুলে়ঞ্চখনৰ খুন্দাত থিতাতে নিহত হয় । নিহত লোকজন হোজাই চহৰৰ পৰা এ এছ-০৯-বি ৬৪৬০ নম্বৰৰ দুচকীয়া বাহনেৰে গৈ থকা সময়ত নতুন বজাৰৰ ডাঙৰীয়া বাৰীৰ সমীপত এই দুর্ঘটনাটো সংঘটিত হয় । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰাৰ লগতে এম্বুলেন্স খন জব্দ কৰিছে । ইফালে হোজাই আৰক্ষী প্ৰশাসনে দুই মন্ত্ৰীৰ বাবে নিয়োগ কৰা AS02 AA 1040 নম্বৰৰ এক্সকৰ্ট গাড়ীখন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাগ্ৰস্ত হোৱাত কনিষ্টবল পদ্মেশ্বৰ বৰা, ভাৰত চন্দ্ৰ দাস, ধৰণী শইকীয়া আৰু চালক মুজ্জমিল আহমেদসহ চৰিজন আৰক্ষীৰ লোক আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like