নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএএনএছ–চি ভোটাৰৰ সমীক্ষাঃ সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাৰ শীর্ষত ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২২ মে’: ২০২১ চনৰ মে’ মাহত বিধানসভা নির্বাচনত জয়ী হোৱা দেশৰ মুখ্যমন্ত্রীসকলৰ ভিতৰত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আটাইতকৈ জনপ্রিয় মুখ্যমন্ত্রী ৰূপে চিহ্ণিত হৈছে৷ আই এ এন এছ–চি ভোটাৰে চলোৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ উল্লেখ্য যে যোৱা বছৰৰ বিধানসভা নির্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা মুখ্যমন্ত্রীসকলে তেওঁলোকৰ নিজ নিজ কার্যালয়ৰ দায়িত্ব লোৱাৰ পাছত যোৱা ১২ মাহ ধৰি দৈনিক ভিত্তিত এই জৰীপ তথা সমীক্ষা চলোৱা হৈছিল৷

আই এ এন এছ–চি ভোটাৰৰ সমীক্ষা অনুসৰি চাৰিখন ৰাজ্য ক্রমে পশ্চিমবংগ, কেৰালা, অসম, তামিলনাডু আৰু কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ মুখ্যমন্ত্রীসকলৰ ভিতৰত শীর্ষস্থানত আছে ড০ হিমন্ত বিশ্ব শর্মা৷ সমীক্ষা অনুসৰি অসমৰ ৪০ শতাংশতকৈও অধিক লোকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রদর্শনত যথেষ্ট সন্তুষ্ট৷ আনহাতে, ৩৭ শতাংশই ড০ শর্মাৰ প্রদর্শনত কিছু পৰিমাণে সন্তুষ্ট৷ চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ যোৱা এবছৰত প্রদর্শনৰ ওপৰত ভিত্তি কৰি স্থানীয় ৰাজ্যৰ বাসিন্দাসকলৰ ওপৰত চলোৱা এই সমীক্ষাত মুখ্যমন্ত্রী ড০ শর্মাক শীর্ষস্থান দিয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন৷

ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ কাম–কাজৰ ওপৰত ৩৯ শতাংশহে সন্তুষ্ট বুলি প্রকাশ পাইছে৷ কেৰালা আৰু তামিলনাডুত ৪১ শতাংশই তেওঁলোকৰ মুখ্যমন্ত্রীৰ কাম–কাজৰ ওপৰত সন্তুষ্ট বুলি সমীক্ষাত প্রকাশ পাইছে৷ আই এ এন এছ–চি ভোটাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী সন্দর্ভতো সমীক্ষা আগবঢ়াই উল্লেখ কৰিছে যে প্রধানমন্ত্রী মোদীৰ কাম–কাজক লৈ ৪৪.৭৭ শতাংশ লোক যথেষ্ট সন্তুষ্ট৷

আনহাতে, কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ কাম–কাজক লৈ ৪৫.৯২ শতাংশই অসন্তুষ্ট৷ একেদৰে ৰাহুল গান্ধীৰ কাম–কাজক লৈও ৪৪.৪৪ শতাংশ ভাৰতীয় অসন্তুষ্ট৷ সমগ্র দেশত ৩৪.২ শতাংশ লোকেহে স্থানীয় বিধায়কৰ ওপৰত সন্তুষ্ট৷ ইয়াৰ বিপৰীতে ৩৫.২৪ ভাৰতীয়ই তেওঁলোকৰ সাংসদৰ ওপৰত ভীষণ অসন্তুষ্ট৷ আই এ এন এছ–চি ভোটাৰৰ সমীক্ষা অনুসৰি ৩৬.৪৮ শতাংশ ভাৰতীয়ই বিৰোধী নেতাৰ কাম–কাজক লৈ মুঠেই সন্তুষ্ট নহয়৷

You might also like