নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যস্ততাপূৰ্ণ বৰহোলা চহৰৰ পথৰ মাজত পুখুৰীসদৃশ গাত; বিভাগীয় কৰ্তপক্ষৰ দায়িত্বজ্ঞানহীনতাত পথচাৰীৰ দুৰ্ভোগ

  •  বিভাগীয় কৰ্তপক্ষৰ দায়িত্বজ্ঞানহীনতাত পথচাৰীৰ দুৰ্ভোগ
  • স্থানীয় বিধায়কক গুৰুত্ব দিয়াৰ আহ্বান

নিয়মীয়া বাৰ্তা,  ২২ মে’ : বিধ্বস্ত বাট-পথৰ মেৰামতিত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ব্যস্ততাপূৰ্ণ বৰহোলা চহৰৰ পথৰ মাজত শেষতীয়াকৈ ঠায়ে ঠায়ে সৃষ্টি হৈছে একাংশ পুখুৰীসদৃশ দ গাত। এজাক বৰষুণৰ পিছতে বৰ্তমান একাঠু পানীৰে ভৰি পৰে এই গাত সমূহ। ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তত দৈনিক বাৰুকৈয়ে দুৰ্ভোগ ভুগিব লগা হোৱাৰ অভিযোগ উঠিছে। ভগ্নপ্ৰায় অংশসমূহত ভৰি পৰা বোকা-পানীৰ বাবে বৰ্তমান পথচাৰী সকল পথটোৰ কাষেৰে পাৰ হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পথৰ এনে অৱস্থাই কাষতে থকা ব্যৱসায়ী সকলকো বাৰুকৈয়ে সমস্যাত পেলোৱাৰ কথা জানিবলৈ দিছে। ছাত্ৰ-ছাত্ৰী লগতে সকলো পথচাৰী এই ভগ্ন অংশবোৰেৰে পাৰ হোৱাৰ সময়ত ব্যাপক যান-জঁট সৃষ্টিৰ হয়। ইয়াৰ উপৰি যিকোনো সময়তে দুৰ্ঘটনা ঘটাৰো যথেষ্ট সম্ভাৱনা দেখা গৈছে। পথ মেৰামতিৰ বিভাগীয় কৰ্তৃপক্ষক বৰহোলাৰ সচেতন ৰাইজে শীঘ্ৰে চহৰখনৰ এনে সমস্যাসমূহ আঁতৰোৱাৰ দাবী জনাইছে। আনহাতে সুযোগ পালেই উন্নয়নৰ ফুলজাৰি মৰা তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাকো শীঘ্ৰে সমষ্টিটোৰ আটাইবোৰ বাট-পথৰ লগতে বিশেষকৈ এনেবোৰ গুৰুত্বপূৰ্ণ এলেকা মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like