ধেমাজিৰ মধুপুৰ চাহ বাগিচাত ঝুমুইৰ সন্মিলন সম্পন্ন
নিয়মীয়া বাৰ্তা, ২২ মেঃ অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুইৰ নৃত্যই বিশেষ অৱদান আগবঢ়াই আহিছে ৷ এই ঝুমুইৰ নৃত্যৰ স্বকীয়তা ৰক্ষা কৰাৰ স্বাৰ্থত আজি দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠী মৰ্চা ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই চিচিবৰগাঁও, মাছখোৱা, হাৰ্হি, গোগামুখ আৰু বৰদলনি মণ্ডল সমিতিসমুহৰ সহযোগত মধুপুৰ চাহ বাগিছাত এখনি ঝুমুইৰ সন্মিলন অনুস্থিত হৈ যায় ৷ পুৱা সামুহিক চাফাই পতাকা উত্তোলন বন্তি প্ৰজ্বলন ও মাতৃ বন্দনাৰ অন্তত মঞ্চ মুকলি কৰে অসম প্ৰদেশ চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সমিতিৰ সম্পাদক-ধেমাজি জিলা সমিতিৰ প্ৰভাৰী জীৱন কুৰ্মীয়ে ৷ বিয়লি চাহ জনগোষ্ঠী মৰ্চাৰ ধেমাজি জিলা সমিতিৰ সভাপতি অনিল মোদীৰ সভাপতিত্ব অনুষ্ঠিত আৰু জীৱন কুৰ্মীয়ে আঁত ধৰা মুকলি সভাত অসম প্ৰদেশ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে প্ৰতিখন মণ্ডল সমিতিৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি