নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; নিচাজাতীয় ঔষধসহ আটক ২

নিয়মীয়া বাৰ্তা, ২৩ মে’: বঙাইগাও জিলাৰ যোগীঘোপা থানাৰ আৰক্ষীয়ে আজি বিয়লি বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ, হেৰইনসহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে যোগীঘোপা থানাৰ অন্তৰ্গত বৰঘোলা গাঁৱৰ আবু কালাম(৩২) আৰু মদনবজাৰ নলেথুৰীৰ ফজলুল হক বুলি  আৰক্ষী সুত্ৰে জানিব পৰা গৈছে । এক গোপন খবৰৰ ভিত্তিত যোগীঘোপা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দীননাথ মিলি আৰু ভাৰপ্ৰাপ্ত বিষয়া থোনজাং চনথ সিঙৰ নেতৃত্বত  আৰক্ষীৰ এটা দলে মদনবজাৰত থকা এখন চাহৰ হোটেলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ।আৰক্ষীৰ অভিযানত হোটেলৰগৰাকী ফজলুল হকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কেপছুল , হেৰইন ভৰ্তি এটা কন্টেইনাৰ উদ্ধাৰ কৰে । আৰক্ষীয়ে নিচাজাতীয় ঔষধ ,হেৰইন ভৰ্তি কন্টেইনাৰ সহ হাতে-লোটে ফজলুল হকক আটক কৰে। আৰক্ষীয়ে ফজলুল হকৰ স্বীকাৰক্তিৰ ভিত্তিত ফজলুল হকক ড্ৰাগছ যোগান ধৰা ড্ৰাগছ সৰবৰাহকাৰী আবু কালামকো আটক কৰে । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰি অহাৰ পিচতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্থিতিক কেৰেপ নকৰি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে আজিও এনেদৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

You might also like