নিয়মীয়া বার্তা, ২৬ মে’: মাজুলী জিলাৰ নতুন বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ কম্পিউটাৰ বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত বেংকৰ কাম-কাজ সাময়িকভাৱে বন্ধ ৰাখিছে৷ যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে উজনি মাজুলীৰ ৮ খন গাওঁ পঞ্চায়তৰ জনসাধাৰণৰ উপৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰো প্ৰায় তিনি-চাৰিখন পঞ্চায়তৰ জনসাধাৰণে উজনি মাজুলীৰ নতুন বজাৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একমাত্ৰ শাখাটোতে দীৰ্ঘদীনে লেনদেন কৰি আহিছে। কিন্তু ২৫ মে’ৰ পৰা বেংকটোৰ কম্পিউটাৰ বিকল হৈ পৰাত বেংকৰ কাম-কাজ সম্পুৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত দূৰ-দূৰণিৰ পৰা গ্ৰাহকসকলে টকা জমা আৰু উলিয়াবলৈ আহি বিমুখ হৈ ঘুৰি যাব লগা হৈছে।
বেংকটোৰ কম্পিউটাৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ নাইবা উৰ্দ্ধতন কৰ্তৃপক্ষই জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জাঙুৰ খাই উঠিছে। আনহাতে বেংকটোত গ্ৰাহকৰ তুলনাত কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ উপৰি গ্ৰাহকসকলক পাচবুক প্ৰদান, পাচবুক আপডেট, নতুনৈক একাউণ্ট খোলাকে ধৰি প্ৰয়োজনীয় সুবিধাসমূহ দিব নোৱাৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে। এই সন্দৰ্ভত ইতিপূৰ্বে নিয়মীয়া বাৰ্তাত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল যদিও বেংক কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত গ্ৰাহকসকলক প্ৰয়োজনীয় সুবিধা দিয়াত ব্যৰ্থ হৈছে বেংক কৰ্তৃপক্ষ।
আনহাতে বাৰে বাৰে বেংকটোৰ ইন্টাৰনেট সেৱা বিকল হোৱাৰ ফলত গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈ আহিছে। সি যি কি নহওঁক উজনি মাজুলীবাসীৰ বিত্তীয় লেনদেনৰ ভৰষাৰ স্থল অসম গ্ৰামীণ বিকাশ বেংকৰ নতুন বজাৰ শাখাত বিকল হৈ থকা কম্পিউটাৰ শীঘ্ৰে সক্ৰিয় কৰি গ্ৰাহকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ বেংক কৰ্তৃপক্ষক উজনি মাজুলীবাসীয়ে দাবী জনাইছে। অন্যথা পৰৱৰ্তী সময়ত অনিৰ্দিষ্ট কাললৈ বেংকত তলা উলোমাই দিয়াৰো হুংকাৰ দিছে ক্ষুব্ধ গ্ৰাহকসকলে।
প্ৰেৰকঃ ৰূপজ্যোতি বৰা, নতুন বজাৰ