নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ ‘ছাডেন ভিজিট’

বিশেষ বাৰ্তা, ২৬ মে’ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰতিটো বিভাগকে সবলভাৱে গঢ়ি তুলিবৰ বাবে আপ্ৰাণ চেষ্টা কৰি ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ক তথা চৰকাৰী বিষয়া-কৰ্মচাৰীক নিজ নিজ কৰ্মক্ষেত্ৰত অতি সক্ৰিয়তাৰে কৰ্ম সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়াৰ সময়তে চৰাইদেউ জিলাৰ একাংশ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিতি আৰু কৰ্মসংস্কৃতিবিহীন পৰিৱেশে খোদ চৰকাৰী বিষয়াৰে চকু কপালত তোলাৰ লগতে সাধাৰণ ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানে আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ একাংশ কাৰ্যালয়ত চলোৱা ‘ছাডেন ভিজিট’ত কাৰ্যালয়কেইটাৰ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অকমৰ্ণ্যতাৰ ছৱিখন স্পষ্ট হৈ পৰে৷ উল্লেখ্য, আজি পুৱা ১১ বজাত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে সোণাৰিস্থিত চৰাইদেউ জিলা নিয়োগ বিনিময় কেন্দ্ৰ, ভূমি সংৰক্ষণ কাৰ্যালয়,সাংস্কৃতিক বিভাগৰ কাৰ্যালয়, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ, জোখ-মাপ নিয়ন্ত্ৰণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱাত আটাইকেইটা কাৰ্যালয়ৰে ফোপোলা স্বৰূপটো ওলাই পৰে৷ বিষয়াগৰাকীয়ে পোনতে ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ একপ্ৰকাৰ হতভম্ব হৈ পৰে৷ চৰাইদেউ ভূমি সংৰক্ষণ বিভাগৰ বিষয়া ৰবীন্দ্ৰনাথ ৰাভা বিগত পোন্ধৰ দিন ধৰি কাৰ্যালয়ত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত আছে৷ বিষয়াগৰাকীৰ উপৰি মুঠ চাৰি গৰাকী কৰ্মচাৰীৰ আন তিনিগৰাকী কাৰ্যালয়ত ১১ বজা পৰ্যন্ত উপস্থিত নাছিল৷ অভিযোগ অনুসৰি বিষয়াবিহীনভাৱে মাত্ৰ দুই-তিনিজন কৰ্মচাৰীয়ে কাৰ্যালয়টো পৰিচালনা কৰি আহিছে৷ আনহাতে, জিলা পৰিসংখ্যা বিভাগৰ কাৰ্যালয়টো বিগত চাৰি দিন ধৰি প্ৰদীপ মহন নামৰ বিষয়াগৰাকী অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত উপস্থিত নাই৷ কাৰ্যালয়টোৰ মুঠ ৮ জন কৰ্মচাৰীৰ মাত্ৰ দুজন কৰ্মচাৰীহে আজি উপস্থিত আছিল৷ ৬ জন কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত উপস্থিত নাছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত অতিৰিক্ত উপায়ুক্তগৰাকী জিলা নিয়োগ বিনিময় কেন্দ্ৰত উপস্থিত হৈ একপ্ৰকাৰ আশ্চৰ্যচকিত হৈ পৰে৷ গৰুৰ গোবৰ- ছাগলীৰ বিষ্ঠাৰে পৰিপূৰ্ণ হৈ থকা কাৰ্যালয়টোত দুপৰীয়া পৰ্যন্ত কোনো কৰ্মচাৰী উপস্থিত নাই৷ নিয়োগ বিনিয়োগ কেন্দ্ৰটোৰ বিনিতা হোজাই নামৰ দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকী দীৰ্ঘদিন ধৰি কাৰ্যালয়টোত অনুপস্থিত থকাৰ বাবে একপ্ৰকাৰ অৰাজক অৱস্থাৰ সৃষ্টি হৈছে৷ কাৰ্যালয়টোৰ কাম-কাজ নিয়মিতভাৱে চলি থকাৰ বিপৰীতে কাৰ্যালয় চৌহদত থকা কৰ্মচাৰীৰ আৱাসগৃহত থকা দুজনমান কৰ্মচাৰীয়ে কাৰ্যালয়টো পৰিচালনা কৰি থকা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ উল্লেখ্য, নিয়োগ বিনিময় কেন্দ্ৰটোত বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতিৰ ফলত জিলাখনৰ নিৱনুৱা যুৱক-যুৱতীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এইদৰে নিজ খেয়াল-খুচি মতে কাৰ্যালয়সমূহত বিষয়া-কৰ্মচাৰীৰ উপস্থিত নথকা কাৰ্যই মুখ্যমন্ত্ৰীৰ কৰ্ম-সংস্কৃতিৰ আহ্বানক এইসকল কৰ্মচাৰীয়ে উপলুঙা কৰা কাৰ্যক বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া লক্ষ্যণীয় হ’ব৷

প্ৰেৰক দীপাংকৰ পাল

You might also like