ডিজিটেল ডেস্ক, ৬ জুন : ১২জনকৈ মন্ত্রীৰ নিযুক্তিৰে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ পিছতেই শুকুৰবাৰে ৰাজ্যিক কর্মচাৰীৰ বাবে কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট বৈঠকতেই ৰাজ্যৰ কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া ভাট্টা আৰু মৰগীয়া সকাহ ২ শতাংশ বৃদ্ধিত অনুমোদন জনোৱা হয়৷
সেই অনুসৰি ৰাজ্যিক কর্মচাৰীসকলে লাভ কৰি থকা বর্তমানৰ ৫৮ শতাংশ মৰগীয়া বানচ ৬০ শতাংশলৈ বৃদ্ধি কৰা হয়৷ নতুন মন্ত্রী পৰিষদক লৈ অনুষ্ঠিত এই কেবিনেট বৈঠকত আন কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্রহণ কৰা হয়৷
কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি কেবিনেটে ডিব্রুগড়ত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্রুগড় গঠনৰ প্রস্তাৱত অনুমোদন জনায়৷ এই অঞ্চলটোৱে ডিব্রুগড় জিলাৰ অন্তর্গত ডিব্রুগড় ৰাজধানী কমপ্লেক্সক কেন্দ্র কৰি ২০ কিলোমিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল’ব৷
আনহাতে, দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্রুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু কেন্দ্রীয় পর্যায়ৰ উন্নয়ন পৰিকল্পনা প্রস্তুত কৰা, বিকাশ কৰিড’ৰ আৰু নগৰ সম্প্রসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব৷ এই প্রাধিকৰণৰ অধ্যক্ষৰূপে থাকিব ডিব্রুগড়ৰ বিধায়কগৰাকী৷ অধ্যক্ষগৰাকীয়ে লাভ কৰিব কেবিনেট মর্যাদা৷ আনহাতে, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ সচিবগৰাকী প্রাধিকৰণৰ উপাধ্যক্ষ হিচাপে থাকিব, ডিব্রুগড় জিলা আয়ুক্তগৰাকী হ’ব সদস্য সচিব৷ আনহাতে, সদস্য হিচাপে থাকিব দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কার্যবাহী বিষয়া, ডিব্রুগড় পৌৰ নিগমৰ আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু সকলো বিভাগৰ জিলা পর্যায়ৰ মুৰব্বী বিষয়াসকল৷ দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত সকলো কাম–কাজ সম্পাদনৰ বাবে সংশ্লিষ্ট লাইন–বিভাগসমূহৰ বাজেটত ৫০০ কোটি টকাৰ এক বিশেষ পুঁজি আবণ্টন কৰা হ’ব৷
ৰাজ্যিক কেবিনেটে শুকুৰবাৰে কর্মৰত চতুর্থবর্গৰ কর্মচাৰীসকলক তৃতীয় বর্গৰ পদলৈ পদোন্নতি প্রদানৰ প্রক্রিয়া সুসংগঠিত আৰু নিয়ন্ত্রিত কৰাৰ উদ্দেশ্যে মূল বিধিসমূহৰ ধাৰা ৫ (২) আৰু ধাৰা ১৬ (৪) সংশোধন কৰি অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়সমূহ) সেৱা (সংশোধনী) বিধি ২০২৬ৰ সংশোধনী প্রস্তাৱত অনুমোদন জনায়৷ কেবিনেটে ২০২৬–২৭ বিত্তীয় বর্ষৰ বাবে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ অধীনত আবণ্টিত পুঁজিৰ পৰিমাণ এক কোটিৰ পৰা ১.৫ কোটি টকালৈ বৃদ্ধি কৰাত অনুমোদন জনায়৷ আনহাতে, ২০২৭–২৮ বিত্তীয় বর্ষৰ পৰা এই অনুদানৰ পৰিমাণ প্রতিগৰাকী বিধায়কৰ বাবে ২ কোটি টকালৈ বৃদ্ধি কৰা হ’ব৷
কেবিনেটে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ নির্দেশনা সংশোধন আনি বার্ষিক পুঁজিৰ সর্বাধিক ১০ শতাংশ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহায়ক সামগ্রী ক্রয় আৰু বিতৰণৰ ক্ষেত্রত ব্যৱহাৰ কৰাত অনুমোদন জনায়৷ কেবিনেটে অহা ৬ জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷