ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক চোৰাং গো–সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ২৬ মেঃ ধুবুৰী আৰক্ষীৰ এক অভিযানত বাংলাদেশলৈ চোৰাংকৈ গৰু সৰবৰাহৰ পৰিকল্পনা কৰা গো–সৰবৰাহকাৰীৰ এটা দলৰ পাঁচগৰাকীকৈ ব্যক্তিক কৰায়ত্ত হোৱাৰ বিপৰীতে পাঁচটাকৈ গৰু উদ্ধাৰ হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। আনকি আৰক্ষী অহাৰ উমান পাই পলাবলৈ লোৱা দলটোক ধৰিবলৈ আৰক্ষীয়ে পিষ্টলেৰে তিনি জাঁই গুলী চলায় যদিও আৰক্ষীৰ গুলীচালনাত কোনো হতাহত হোৱা নাই বুলিয়েই প্ৰকাশ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভেটা বজাৰ আৰু ঝগৰাৰপাৰ অঞ্চলত এক অভিযান চলাইছিল আৰক্ষীয়ে। ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথৰ নেতৃত্বত চলা সেই অভিযানত আৰক্ষীয়ে প্ৰথমে পাঁচজনীয়া চোৰাং গো–সৰবৰাহকাৰীৰ এটি দলৰ দুগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও দলটোৰ অইন তিনিগৰাকী সদস্য পলায়ন কৰে। ধৃত সেই দুইজনৰ পৰা পোৱা তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ সমীপৰ ভেটা বজাৰ অঞ্চলৰ পৰা অইন তিনিগৰাকী চোৰাং গো–সৰবৰাহকাৰীক কৰায়ত্ব কৰে আৰক্ষীয়ে। ইপিনে আৰক্ষী অহাৰ উমান পাই পলায়নৰ’ত গো–সৰবৰাহকাৰীৰ দলটো ৰখাবলৈ আৰক্ষীয়ে পিষ্টলেৰে তিনি ৰাউণ্ড নিয়ন্ত্ৰিত গুলীচালনা কৰে যদিও গুলীচালনাত কোনো আহত নোহোৱা বুলিয়েই প্ৰকাশ। সমগ্ৰ অভিযানটোত পাঁচগৰাকীকৈ চোৰাং গো–সৰবৰাহকাৰীৰ উপৰিও বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা পাঁতচাকৈ গৰুও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ধৃত গো–সৰবৰাহকাৰী কেইজন জনৈক সোনাউল্লাহ, চাইদূৰ ৰ’হমান, ছামিয়ূল হ’ক আনচাৰী, ময়নাল হ’ক আৰু জয়নাল আৱেদিন বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে ইতিমধ্যে ২৮৪/২২ নম্বৰৰ এটা গোছৰ ৰুজু কৰি পলায়ন কৰা গো–সৰবৰাহকাৰী কেইগৰাকীৰ অনুসন্ধান অৱ্যাহত ৰাখিছে আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী