নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰৱঞ্চক ৰাণা পগাগক ন্যায়িক জিম্মালৈ প্ৰেৰণ : প্ৰৱঞ্চনাৰে প্ৰত্যক্ষ সহযোগৰ স্পষ্ট অভিযোগৰ পিছতো এছ আই জোনমণিৰ ক্ষেত্ৰত নৰম স্থিতি মাজুলী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : প্ৰৱঞ্চনাৰ তিনিটাকৈ গোচৰত যোৱা ১৮ মে’ৰ পৰা মাজুলীৰ আৰক্ষীৰ জিম্মাত থকা মহা প্ৰৱঞ্চক ৰাণা পগাগক আজি চতুৰ্থ বাৰৰ বাবে মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে। ২১/২২ নম্বৰত গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা প্ৰৱঞ্চনাৰ গোচৰটোত যোৱা ২৫ মে’ত জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰা প্ৰৱঞ্চকটোক আৰক্ষীয়ে সেইদিনা দুটা দিনৰ জিম্মাত লৈছিল। এনেদৰে মাজুলীৰ ৩ ব্যৱসায়ীয়ে ৰুজু কৰা তিনি গোচৰৰ ভিত্তিত প্ৰথমে মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত আৰু শেহতীয়াকৈ মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত তিনিবাৰ হাজিৰ কৰাৰ অন্ততঃ আজি চতুৰ্থ বাৰৰ বাবে মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত আৰক্ষীয়ে জিম্মাৰ অন্তত পুনৰ প্ৰৱঞ্চক ৰাণাক হাজিৰ কৰে। আদালতে প্ৰৱঞ্চক ৰাণাক আজি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইফালে যোৱা ২৫ মে’ত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ উজনি অসমৰ এগৰাকী ব্যুৰ চীফে প্ৰৱঞ্চক ৰাণাৰ দেউতাকক বাতৰি সম্প্ৰচাৰ নকৰাৰ বাবদ ২ লাখ টকাৰ ধন দাবী কৰাৰ উপৰিও ৰাণাৰ দেউতাকৰ যোৰহাটৰ ভাড়া ঘৰ খালী কৰাৰ সময়ত ইনভাৰ্টাৰকে ধৰি বহু সামগ্ৰী লৈ যোৱা বুলি যোৰহাটৰ বৈদ্যুতিক মাধ্যমৰ জেষ্ঠ সাংবাদিক গৰাকীৰ ওপৰত প্ৰৱঞ্চক ৰাণাই আদালতলৈ নিয়াৰ সময়ত বিস্ফোৰণ ঘটোৱাৰ পিছত সমগ্ৰ ঘটনাটোক লৈ এইকেইদিন সংবাদ মহল তোলপাৰ হৈ আছিল। কিন্তু ইয়াৰ মাজতে প্ৰৱঞ্চক ৰাণাৰ দেউতাকে যোৱাকালি যোৰহাটত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ উজনি অসমৰ এগৰাকী ব্যুৰ চীফৰ সন্মুখত সমগ্ৰ বিষয়টো নস্যাৎ কৰে। এই সন্দৰ্ভত আজি চতুৰ্থ বাৰৰ বাবে প্ৰৱঞ্চক ৰাণাক আদালতত হাজিৰ কৰাৰ সময়ত প্ৰশ্ন কৰা হৈছিল যদিও প্ৰৱঞ্চকটোৱে অৱশ্যে কোনো কথা প্ৰকাশ নকৰিলে। ইফালে এই সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে পোনপটীয়াকৈ সাঙোৰ খাই এজাহাৰত অভিযুক্ত হিচাপে উল্লেখ থকা অসম আৰক্ষীত কৰ্মৰত তথা ৰাণা পগাগৰ হবলগীয়া পত্নী এছ আই জোনমনি সন্দৰ্ভত আৰক্ষীৰ নৰম স্থিতি দেখিবলৈ পোৱা গৈছে। বিভিন্ন উজুহাত দেখুৱাই মাজুলী আৰক্ষী সংবাদ মাধ্যমৰ পৰা আতৰি আছে। ব্যৱসায়ী অজিত বৰাৰ এজাহাৰত স্পষ্টকৈ জোনমনিয়ে ধন লোৱাৰ প্ৰমাণ উল্লেখ কৰাৰ পিছতো আৰক্ষীৰ উপ পৰিদৰ্শক হোৱাৰ সুবাদতে মাজুলী আৰক্ষীৰ এই দৰদ নেকি বুলিও শেহতীয়াকৈ প্ৰশ্ন উত্থাপিত হৈছে। মাজুলী আৰক্ষীৰ এনেবোৰ কৰ্ম কাণ্ডই সচেতন মহলকো স্বাভাৱিকতে ভবাই তুলিছে। খাকী পোচাক পিন্ধি জনতাক সুৰক্ষা দিয়াৰ শপত লৈ অসম আৰক্ষীত যোগদান কৰি প্ৰৱঞ্চক এটাৰ সৈতে মিলি অ এন জি চিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত নাম উল্লেখ কৰাৰ পিছতো কিন্তু আৰক্ষীয়ে অভিযুক্ত এছ আই জোনমনিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত পৰিলক্ষিত হোৱা নাই। প্ৰৱঞ্চক ৰাণা পগাগে মাজুলীৰ ক্ৰমে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা, ৰঞ্জন কুটুমৰ পৰা ২৫ লাখ টকা প্ৰৱঞ্চনাৰে নিয়াৰ সমগ্র ঘটনা ক্ৰমত জোনমনি জড়িত থকাৰ বিষয়ে লিখিত অভিযোগ পোৱাৰ পিছতো আজিকোপতি জোনমনিক সোধা পোছাৰ বাবেও আৰক্ষীয়ে সাহস গোটাব নোৱাৰাটো ৰহস্য হৈ ৰৈছে। উল্লেখযোগ্য যে গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা প্ৰৱঞ্চনাৰ তিনিটা গোচৰৰ ভিত্তিত নগাঁৱত একে গোচৰত কাৰাৰুদ্ধ হৈ থকা মহা প্ৰৱঞ্চক ৰাণা পগাগক মাজুলী আৰক্ষীয়ে যোৱা ১৮ মে’ত জিম্মাত লৈ মাজুলীলৈ আনে। যোৱা ১৮ মে’ত 20/22, U/S 120(B)/170/406/419/420/468/471/472 IPC ধাৰাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা ৫ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত যোৱা ২৩ মে’ত পুনৰ দ্বিতীয়টো 22/22 US 120-B/170/406/419/420 IPC গোচৰৰ ভিত্তিত পুনৰ আৰক্ষীয়ে মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতৰ পৰা প্ৰৱঞ্চক ৰাণাক ২ দিনৰ জিম্মাত লয়। জিম্মাৰ অন্তত পুনৰ ২৫ মে’ত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাণাক মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে। গড়মূৰ আৰক্ষী থানাৰ তৃতীয়টো 21/22 নম্বৰৰ গোচৰৰ ভিত্তিত সেইদিনা পুনৰ আদালতে ৰাণাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল যদিও আজি আদালতে প্ৰৱঞ্চকটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like