নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গৰ্ভৱতীক ৰক্তহীনতাৰ পৰা ৰক্ষা কৰিবলৈ স্বাস্থ্যকেন্দ্ৰ-চিকিৎসালয়ক ডিজিটেল হিম’গ্ল’বিন মিটাৰ জিলা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ৩১ মেঃ গৰ্ভৱতী মহিলাসকলক এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ পৰা ৰক্ষা কৰাৰ উদেশ্যৰে প্ৰতিৰোধমূলক পদক্ষেপৰূপে জিলাখনৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰতিখন চৰকাৰী চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ হিম’গ্ল’বিন জোখাৰ বাবে একোটাকৈ ডিজিটেল হিম’গ্ল’বিন মিটাৰ প্ৰদানৰ ব্যৱস্থা লৈছে ধুবুৰী প্ৰশাসনে। সেই উদ্দেশ্যেৰ্ আজি ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত অন্বামুথন এম পিয়ে কেবাটাও স্বাস্থ্যকেন্দ্ৰক আনুষ্ঠানিকভাৱে এই মিটাৰ বিতৰণ কৰে৷ আকাংক্ষিত জিলা কাৰ্যসূচীৰ অধীনত ৰূপান্তৰ আৰু উন্নয়ণ বিভাগে ২০২১-২২ বৰ্ষৰ ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়ণ পূজিৰ অধীনত যোগান ধৰা ধনেৰে এনিমিয়া পৰীক্ষাৰ বাবে ২৫০ টা ডিজিটেল হিম’গ্লবিন মিটাৰ আৰু ৭৭৫ পেকেট ষ্ট্ৰীপ ক্ৰয় কৰিছে জিলা প্ৰশাসনে৷ একেটা শিতানতে জিলাখনৰ বিভিন্ন চিকিৎসালয়ৰ বাবে ৩০ খন প্ৰসৱৰ সময়ত ব্যৱহৃত ‘লেবাৰ টেবল’ ক্ৰয় কৰা হৈছে৷ আজি লেবাৰ টেবলবোৰো আনুষ্ঠানিকভাৱে বিতৰণ কৰে জিলা উপায়ুক্ত অন্বামুথন এম কৰে। ,’আজিৰ অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, সহকাৰী আয়ুক্ত অমৃতা দত্ত, জিলাখনক যুঁটীয়া স্বাস্থ্য সঞ্চালক ডা৹ এচ এমইমদাদ উল্লাহ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ কেবাজনো বিষয়া আৰু স্বাস্থ্য কৰ্মী উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like