৪১ বছৰীয়া বাস্কেটবল কিংবদন্তি কোবি ব্রায়ান্টৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ দেওবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয় । ইপিনে মৃত্যু হোৱা লোকসকলৰ ভিতৰত আমেৰিকাৰ বাস্কেটবল কিংবদন্তি কোবি ব্রায়ান্ট আৰু তেওঁৰ ১৩ বছৰীয়া জীয়ৰী জিয়ান্নাও আছিল । মন কৰিব লগীয়া যে দুর্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন ব্রায়ান্টৰ ব্যক্তিগত হেলিকপ্টাৰ আছিল।
এই দুৰ্ঘটনাক আচৰিত আখ্যা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুখ প্ৰকাশ কৰিছে ।
Kobe Bryant, despite being one of the truly great basketball players of all time, was just getting started in life. He loved his family so much, and had such strong passion for the future. The loss of his beautiful daughter, Gianna, makes this moment even more devastating….
— Donald J. Trump (@realDonaldTrump) January 26, 2020
ইফালে এই বাস্কেটবল কিংবদন্তিগৰাকীৰ মৃত্যুৰ খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ লগে লগে সকলো ক্ৰীড়াপ্ৰেমীয়ে মৰ্মাহত হৈ পৰা দেখা গৈছে । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়েও এইগৰাকী খেলুৱৈৰ মৃত্যুৰ শোক প্ৰকাশ কৰি তেওঁৰ শিশুকালৰ কিছুমান মুহূৰ্তক স্মৰণ কৰে ।
উল্লেখ্য যে ২০০৮ আৰু ২০১২ ৰ অলিম্পিকত আমেৰিকাই বাস্কেটবলত সোণৰ পদক লাভ কৰাৰ ক্ষেত্ৰত আমেৰিকা বাস্কেটবল দলৰ অন্যতম সদস্য আছিল কোবি ব্রায়ান্ট ।