আৰম্ভ হ’ল ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বহিঃবিভাগ – উদ্বোধন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
নিয়মীয়া বাৰ্তা, ১ জুনঃ নতুন এক ইতিহাসৰ আৰম্ভণি ঘটাই আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বহিঃবিভাগৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বৰ ফলস্বৰূপে খুব সোনকালে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃবিভাগ আৰম্ভ কৰিব পাৰিলে বুলি উল্লেখ কৰে। আজিৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালয়খন ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে চামিল হ’ল বুলিও জনায় তেওঁ। অহা ছেপ্টেম্বৰ মাহৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হব বুলি আশ্বাস প্ৰদান কৰাৰ ল’গতে ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰায়ভাগ কাম সম্পন্ন হোৱা বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে, আজিৰ পৰা আৰম্ভ হোৱা ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত মুঠ ১১ টা বিভাগৰ বহিঃ বিভাগৰ চিকিৎসা সেৱা লাভ কৰিব ৰোগীয়ে। বহিঃ বিভাগৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নবনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। ধুবুৰী চিকিৎসা মহাবিদ্যায় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
প্ৰেৰক কনক হাজৰিকা