ধুবুৰীত গুণোৎসৱ – সামৰি ল’ব ২০১০খন বিদ্যালয়ৰ ২.৮৯ লাখ শিক্ষাৰ্থীক
নিয়মীয়া বাৰ্তা, ১ জুনঃ ৰাজ্যৰ মুঠ আঠখন জিলাকে ধৰি ধুবুৰী জিলাতো আজিৰ পৰা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ। আজি গুণোৎসৱৰ প্ৰথম দিনা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়ন কৰা শিক্ষাৰ্থী থকা জিলাখনৰ ২০১০খন বিদ্যালয়ৰ স্ব-মূল্যায়ন সম্পন্ন কৰা হয়৷ উল্লেখ্য যে জিলাখনত গুণোৎসৱে সামৰি ল’বলগীয়া মুঠ শিক্ষাৰ্থীৰ সংখ্যা হ’ল ২,৮৯,৩১৭ গৰাকী৷ আজিৰ স্ব–মূল্যায়নৰ পিছত কাইলৈৰ পৰা তিনিদিনৰ বাবে বহিঃ মূল্যায়কে বিদ্যালয়ে বিদ্যালয়ে গৈ মূল্যায়ন কৰিব৷ বহিঃ মূল্যায়নৰ বাবে বিদ্যালয়সমূহক তিনিভাগত ভাগ কৰা হৈছে৷ কাইলৈ জিলাখনৰ ৬৭৫ খন বিদ্যালয়ৰ, ৩ জুনত ৬৭২ খন বিদ্যালয় আৰু ৪ জুনত ৬৬৩ খন বিদ্যালয়ৰ বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হ’ব৷ জিলাখনত বহিঃ মূল্যায়নৰ বাবে মুঠ ১১৪৪ গৰাকী বহিঃ মূল্যায়ক নিযুক্তি দিয়াৰ বিপৰীতে প্ৰতিখন বিদ্যালয়ত সেই বিদ্যালয়ৰে এগৰাকী শিক্ষকক ন’ডেল শিক্ষকৰ দায়িত্ব দিয়া হৈছে৷ বিদ্যালয় আৰু বহিঃ মূল্যায়কৰ মাজত যোগাযোগ ৰাখিবলৈ ২৬৩ গৰাকী লিয়েচন বিষয়া নিয়োগ কৰা হৈছে৷ অসম চৰকাৰৰ কেবাজনো জ্যেষ্ঠ বিষয়ায়ো ধুবুৰীৰ বিভিন্ন বিদ্যালয়ত বহিঃ মূল্যায়কৰ দায়িত্ব পালন কৰিব বুলি জানিব পৰা গৈছে৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া মনিন্দৰ সিং আগমনি শিক্ষাখণ্ডৰ তিনিখন বিদ্যালয়ত, ৰূপান্তৰ আৰু উন্নয়ণ বিভাগৰ প্ৰধান সচিব তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া এম আৰিজ আহমেদ বিলাসীপাৰা শিক্ষাখণ্ডৰ তিনিখন বিদ্যালয়ত, প্ৰধান মুখ্য বন সংৰক্ষক তথা ভাৰতীয় বন সেৱাৰ বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱ চাপৰ শিক্ষাখণ্ডৰ তিনিখন বিদ্যালয়ত, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ৰাকেশ আগৰৱালা গৌৰীপুৰ শিক্ষাখণ্ডৰ তিনিখন বিদ্যালয়ত আৰু অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ধনঞ্জয় পৰশুৰাম ঘনাৱট গোলকগঞ্জ শিক্ষাখণ্ডৰ তিনিখন বিদ্যালয়ত বহিঃ মূল্যায়কৰ দায়িত্বত থাকিব৷ ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যায়ত আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে গৌৰীপুৰৰ শ্ৰীমন্ত শংকৰদেৱ এম ই স্কুলত বহিঃ মূল্যায়কৰ দায়িত্ব পালন কৰিব বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী