নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত কেন্দ্রীয় পশুপালন মন্ত্রীক স্মাৰক পত্র মন্ত্রী অতুল বৰাৰঃ অসমৰ পশুপালন খণ্ডৰ বিকাশৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব কেন্দ্রীয় চৰকাৰেঃ কেন্দ্রীয় মন্ত্রী ৰূপালা

নিয়মীয়া বার্তা, ১ জুনঃ অসমৰ পশুপালন খণ্ডৰ বিকাশৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সহযোগিতা আগববাবলৈ সাজু কেন্দ্রীয় চৰকাৰ৷ এই মন্তব্য কেন্দ্রীয় পশুপালন, দুগ্ধ আৰু মীনমন্ত্রী পুৰুষোত্তম ৰূপালাৰ৷ আজি নতুন দিল্লীত অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেন্দ্রীয় মন্ত্রী ৰূপালাই কয় যে অসমত পশুপালন খণ্ডই যথেষ্ট সম্ভাৱনা বহন কৰিছে৷ শেহতীয়াকৈ যুৱ শক্তিৰ অংশগ্রহণে ৰাজ্যখনত এই খণ্ডটোক নতুন ৰূপত গঢ় দিছে৷ পশুপালকসকলৰ বিকাশৰ লগতে পশু চিকিৎসা সেৱাক কৃষকৰ দুৱাৰডলিত উপলব্ধ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰি এই আঁচনিসমূহ সার্থকভাৱে ৰূপায়ণ কৰিলেহে আঁচনিসমূহৰ অন্তর্নিহিত উদ্দেশ্য সফল হবব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত অসমত প্রতিদিনে দহ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে হোৱা বুজাবুজিৰ চুক্তি প্রসংগ উত্থাপন কৰি কেন্দ্রীয় পশুপালন মন্ত্রীগৰাকীয়ে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলি কয়৷ বৈঠকত ৰাজ্যৰ পশুপালন তথা দুগ্ধ উন্নয়ন মন্ত্রী বৰাই অসমৰ পশুপালন আৰু দুগ্ধ খণ্ডৰ বিকাশৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জনায়৷ উল্লেখ্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশক্রমে আজি মন্ত্রী অতুল বৰাই কেন্দ্রীয় মন্ত্রীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি বৈঠকত মিলিত হয়৷ বৈঠকত বৰাই কেন্দ্রীয় মন্ত্রী ৰূপালাক ৰাজ্যখনৰ পশুপালন আৰু দুগ্ধ উন্নয়ন খণ্ডৰ বিকাশৰ বাবে এখন স্মাৰকপত্র প্রদান কৰে৷ স্মাৰকপত্রখনৰ জৰিয়তে ৰাজ্যখনত যথেষ্টসংখ্যক বেিেৰয়েল আৰু ভাইৰেল ভেকচিন উৎপাদন কৰিবলৈ এটা উন্নত প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰ স্থাপন, ৰাজ্যৰ পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগ দুটাক কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পর্যাপ্ত পুঁজিৰ যোগান, সোণাপুৰৰ টেপেছিয়াত বছৰি এক লাখ পঁয়ত্রিশ হাজাৰ মেড্রিকটন পশুখাদ্য উৎপাদন ক্ষমতাযুক্ত এটা সংহত পশুখাদ্য উৎপাদন উৎপাদন প্রকল্প স্থাপন, জৈৱ–সুৰক্ষা পৰীক্ষাগাৰ স্থাপন আদিৰ বাবে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনোৱা হৈছে৷

You might also like