সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে নগাঁৱত অগপৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল
বিশেষ বাৰ্তা, ৩ জুনঃ দলৰ সংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্যৰে অসম গণ পৰিষদে (অগপ) সমগ্ৰ অসমতে দলৰ সাংগঠনিক কাম কাজ পৰ্যবেক্ষণ কৰি আছে। ইয়াৰ অংশ হিচাপে আজি অগপৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দল নগাঁৱত উপস্থিত হয়। অগপৰ জেষ্ঠ নেতা তথা বঙাইগাঁৱৰ বিধায়ক ফণী ভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে অগপৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত নগাঁও জিলা অগপৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয় ববীয়াৰ লগত এক বৈঠকত মিলিত হয়। নগাঁও জিলা অগপৰ সভাপতি মনি মাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জেষ্ঠ অগপ নেতা ফনী ভূষন চৌধুৰীয়ে আহি থকা দিনত অগপক শক্তিশালী কৰাত অধিক গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয়,”আমি এতিয়া মিত্ৰ জোঁটত আছো। বিগত বিধান সভা নিৰ্বাচনত আমি কম সংখ্যক আসন পাইছো। অগপৰ সাংগঠনিক স্থিতি সবল হলে আমাৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়ে আমি এতিয়াৰ পৰাই অগপৰ সংগঠন তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাত মনো নিবেশ কৰিব লাগিব। বিগত পঞ্চায়ত নিৰ্বাচনত আমি অকলে প্ৰতিদন্দিতা কৰি আশানুৰূপ ফল লাভ কৰিব পৰা নাছিলোঁ। হৈ যোৱা পৌৰ নিৰ্বাচনত অগপই বিজেপি মিত্ৰ জোটৰ সৈতে অংশ গ্ৰহণ কৰি ভাল ফলাফল লাভ কৰিছো। সমাগত পঞ্চায়ত নিৰ্বাচনত অগপই বিজেপি মিত্ৰ জোটৰ সৈতে অংশ গ্ৰহণ কৰিব।” তেওঁ লগতে কয়,” অগপই আঞ্চলিকতাবাদক শক্তিশালী কৰাত নিয়োজিত হৈ আছে।” বৈঠকত অংশ গ্ৰহণ কৰি অগপৰ সাধাৰন সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়,”তৃণমূল পৰ্যায়ৰ পৰাই দলক শক্তিশালী কৰাৰ বাবে অগপ দলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ প্ৰতিটো বিধান পৰিষদ সমষ্টিত সাংগঠনিক দিশ পৰ্যালোচনা কৰি অগপৰ সংগঠন অধিক শক্তিশালী কৰাৰ বাবে পৰ্যবেক্ষণ কৰি থকা হৈছে।” ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো অগপৰ সংগঠন শক্তিশালী কৰিবলৈ দলীয় কৰ্মী সকলক আহবান জনাই বিভিন্ন পৰামৰ্শ আগবঢ়াই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। বৈঠকত নগাঁও জিলা অগপৰ সভাপতি মনি মাধৱ মহন্তই নগাঁও জিলা অগপৰ সাংগঠনিক প্ৰতিবেদন দাখিল কৰে। বৈঠকত অগপৰ মহিলা নেত্ৰী মামনি বৰা , অগপৰ সম্পাদক অতুল কুমাৰ মেধি , নগাঁও জিলা অগপৰ সাধাৰণ সম্পাদক দ্বয় যতীন নাথ, নিৰঞ্জন বৰা কাৰ্যনিৰ্বাহকৰ সকলো সদস্য , যুৱ পৰিষদ , মহিলা পৰিষদ, কৃষক পৰিষদ আদিৰ প্ৰতিনিধি সকলেও অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী কেন্দ্ৰীয় নেতাৰ নেতৃত্বত নগাঁও জিলা অগপৰ এটা দল নগাঁও জিলাৰ চামগুৰি, ধিং, বটদ্ৰবা আৰু ৰহা বিধান সভা সমষ্টিত উপস্থিত হৈ চাৰিওটা বিধান সভা সমষ্টিৰ অগপৰ বিধান পৰিষদ সমষ্টি সমিতিৰ বিষয় ববীয়া অৰু সদস্যৰ লগত মিলিত হৈ সাংগঠনিক দিশ পৰ্যবেক্ষণ কৰে। কাইলৈ দলটোৱে জিলাখনৰ কলিয়াবৰ, বঢ়মপুৰ, নগাঁও সদৰ বিধান সভা সমষ্টিত অগপৰ বিধান পৰিষদ সমষ্টি সমিতি বিষয় ববীয়াৰ লগত মিলিত হব। উল্লেখ্য যে,এসময়ত অগপৰ শক্তিশালী দূৰ্গ হিচাপে পৰিচিত নগাঁও জিলাত অগপৰ সাংগঠনিক দিশ বৰ্তমান তুলনামূলকভাৱে দূৰ্বল । জিলাখনৰ আঠটা বিধান সভা সমষ্টিৰ ভিতৰত একমাত্ৰ কলিয়াবৰ বিধান সভা সমষ্টিহে অগপৰ দখলত। অথচ ১৯৯৬ চনৰ বিধান সভা নিৰ্বাচনত অগপই আঠটা বিধান সভা সমষ্টিৰ ভিতৰত ৬ টাতেই জয়ী হৈছিল। সংগঠন অধিক শক্তিশালী হিচাপে পৰিচিত নগাঁও সদৰ আৰু বঢ়মপুৰ বিধান সভা সমষ্টি এতিয়া বিজেপিৰ দখলত। বিভিন্ন কাৰণত জিলাখনত অগপ কিছু দূৰ্বল হৈ পৰিছে। এনে স্থিতিত জিলাখনত আহি থকা দিনত অগপৰ সংগঠন শক্তিশালী কৰাত অগপৰ নেতৃত্ব কিমান সফল হয় সেইয়া লক্ষনীয় হব।
প্ৰেৰক কনক হাজৰিকা