বহুদিন ঘনচিৰিকাৰ মুখ দেখা নাই
অসমীয়া ভাষাৰ এটা অমৰ গীত কেনেকৈ সৃষ্টি হৈছিল সেই কথা এতিয়া আমি সকলোৱে জানো৷ এদিন হঠাৎ বতাহত উটি অহা বকুল ফুলৰ গোন্ধ তফজ্জুল আলীৰ নাকত লাগিছিল মুহূর্ততে তেওঁৰ দেহ–মন শিহৰিত হৈ উঠিছিল এটা অনির্বচনীয় আৱেগত৷ সেই আৱেগৰ স্বতঃস্ফূর্ত প্রকাশ ঘটিছিল এই কৰুণ–মধুৰ গীতটিত ঃ ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই…৷’
মোৰ অভিজ্ঞতাটো সামান্য বেলেগ৷ কিন্তু হূদয়ৰ প্রতিক্রিয়াটো একেই৷ কেইদিনমানৰ আগতে এখন ইংৰাজী বাতৰিকাকত পঢ়ি থাকোঁতে এটা ঘন্চিৰিকা চৰাইৰ ছবিত মোৰ চকু পৰিল৷ ছবিখনৰ তলত চৰাইটোৰ বিষয়ে অলপমান কথা লিখা হৈছিল৷ কিন্তু মোৰ চকু দুটা ছবিখনৰ ওপৰত এনেকৈ থৰ লাগি ৰ’ল যে কথাখিনি পঢ়ি চোৱাৰ চিন্তা বহুত সময়লৈকে মোৰ মনলৈকে নাহিল৷ থৰ লাগি ছবিখন চাই থাকোঁতে এটা সময়ত মোৰ অনুভৱ হ’ল যে মোৰ চকু দুটা যেন চলচলীয়া হ’ব ধৰিছে ছবিখন যেন মই পৰিষ্কাৰকৈ নেদেখা হৈছোঁ৷
কিমানদিন মই ঘন্চিৰিকা চৰাই দেখা নাই৷ বহুত বছৰৰ মূৰত আজি মই তাক দেখিলোঁ৷ কিন্তু দেখিলোঁ বাতৰিকাকতত ছপা হোৱা প্রাণহীন ছবিৰ ৰূপত৷
এটা সময়ত ছবিখনৰ পৰা চকু দুটা গাৰ জোৰেৰে টানি অনাৰ নিচিনা কৰি তাৰ তলৰ কথাখিনি পঢ়িবলৈ ল’লোঁ৷ নতুন কথা একো নাই এতিয়া সকলোৰে পৰিচিত হৈ পৰা সেই পুৰাতন কাহিনী ঃ ঘন্চিৰিকাৰ বংশ লুপ্ত হ’ব ধৰিছে৷ আৰু কেইবছৰমানৰ ভিতৰতে ঘন্চিৰিকা পৃথিৱীৰ পৰা সমূলি নোহোৱা হৈ যাব৷
মনটো হঠাৎ উদাস হৈ পৰিল৷ পৃথিৱীৰ শেষ ঘন্চিৰিকাটোক শেষবাৰলৈ চাই লোৱাৰ নিচিনা কৰি মই ছবিৰ ঘন্চিৰিকালৈ ঈষৎ অশ্রুসিক্ত দৃষ্টিৰে চাই থাকিবলৈ ধৰিলোঁ৷ এনেকৈ চাই থাকোঁতে কেতিয়া মোৰ মনটো অতীতলৈ উৰা মাৰি গৈ মোৰ শৈশৱৰ জগতখন পালেগৈ, সেই কথা মই ততকে ধৰিব নোৱাৰিলোঁ৷
ঘন্চিৰিকাক বহুত মানুহে ঘৰচিৰিকা বুলিও কয়৷ মোৰ হাতত থকা হেমকোষ অভিধানত কেৱল ঘৰচিৰিকা শব্দটোহে আছে৷ কিন্তু মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত চলন্ত অভিধানত ঘন্চিৰিকা আৰু ঘৰচিৰিকা দুয়োটা শব্দই আছে৷ যিহেতু মানুহ বাস কৰা ঘৰেই হ’ল এই অকণমানি মৰমলগা চৰাইটোৰ একমাত্র বাসস্থান, সেই কাৰণে ঘৰচিৰিকা বুলি ক’লেহে হয়তো চৰাইটোৰ সম্পূর্ণ পৰিচয় দিয়া হয়৷ নাম–ধামসহকাৰে৷ কিন্তু অসমৰ বহুত ঠাইৰ মানুহে তাক ঘন্চিৰিকা বুলিও কয়৷ শিশুৰ ওমলা–গীততো ঘন্চিৰিকাই ঠাই পাইছে ঃ ‘ৰ’দে–বৰষুণে খঁৰা শিয়ালৰ বিয়া, ঘন্চিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া৷
আজিৰ পৰা মাত্র কেইদশকমানৰ আগলৈকে গাঁৱত বাস কৰা অসমীয়া মানুহৰ ঘৰ সজাৰ প্রধান উপাদানবোৰ আছিল শৰণ খেৰ, বাঁহ, ইকৰা, বেত আৰু কাঠ৷ শৰণ খেৰৰ চাল, বাঁহ আৰু ইকৰাৰ বেৰ, কাঠৰ খুঁটা আৰু দুৱাৰ–খিৰিকী৷ বান্ধিবৰ কাৰণে বেত৷ এই গোটেইবোৰ বস্তু অসমৰ হাবিত ওৱাদানিকৈ পোৱা গৈছিল৷ দুই–এঘৰ ধনী মানুহে টিনপাতৰ চাল আৰু বিলাতী মাটিৰ বেৰ দিয়া ঘৰ সাজিছিল যদিও সেইবোৰ আছিল ব্যতিক্রম৷ আনকি বিদেশী ব্রিটিছ শাসকসকলেও তেওঁলোকৰ ডাঙৰ ডাঙৰ বিষয়াসকল থাকিবলৈ যিবোৰ চৰকাৰী ঘৰ সাজিছিল, সেইবোৰৰো চালবোৰ আছিল কেইবাতৰপীয়া শৰণ খেৰৰ৷ শৰণ খেৰৰ চাল আছিল প্রাকৃতিক এয়াৰ–কণ্ডিচনাৰ৷ গৰমৰ দিনত সি ঘৰখন শীতল কৰি ৰাখে, জাৰৰ দিনত কৰি ৰাখে উমাল৷ খেৰৰ চালৰ আৰু এটা অতিৰিক্ত উপহাৰ আছিল– যিটো উপহাৰৰ কথা মই ইহ–জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ৷ সেইটো আছিল ঘৰৰ খেৰৰ চালত বৰষুণৰ অবিৰাম ঝৰঝৰ শব্দ৷ দিনৰ ভাগত বৰষুণৰ সেই ধাৰাপাত শুনিবলৈ সময় নাপাওঁ, বা কেতিয়াবা সময় পালেও জাগ্রত জগতখনৰ বিচিত্র কোলাহলে ঘৰৰ খেৰৰ চালত হোৱা বৰষুণত কোমল ঝংকাৰক তল পেলাই ৰাখে৷ কিন্তু ৰাতি? ৰাতি শুই থাকোঁতে মেঘৰ গাজনি শুনি যেতিয়া খক্মক্কৈ সাৰ পাঁও, তেতিয়া বৰষুণৰ ঝৰঝৰ শব্দ কাণত পৰাৰ লগে লগে চকুৰ টোপনি মুহূর্ততে ক’লৈ পলাই ফাট মাৰে নাজানো কিন্তু মনটো ক’লৈ উৰা মাৰে সেই কথা জানো৷ মনটো উৰা মাৰে সপোন আৰু দিঠকৰ অতীতৰ এনে এখন নিৰুদ্দেশ জগতলৈ– য’ত থাকে মানুহে কেতিয়াও পাব নোৱৰা সেইবোৰ বস্তু, যিবোৰ বস্তু নিবিচৰাকৈও মানুহ কেতিয়াও মানুহ হৈ থাকিব নোৱাৰে৷ কেতিয়াও নাপায়, অথচ গোটেই জীৱন বিচাৰি থাকিব লগা হয়, – তেনেবোৰ বস্তুৰ প্রতি আনন্দ–বিষাদৰ অতীত এক অনির্বচনীয় কামনাই কিশোৰ–হূদয় তোলপাৰ লগাই থাকে৷
ৰাতি বিছনাত শুই শুই ঘৰৰ চালত বৰষুণৰ অপার্থিৱ সংগীত শুনি শুনি মানুহৰ মনত অপ্রাপনীয়ৰ উদ্দেশ্যে জাগি উঠা সেই কামনা–মদিৰ মুহূর্তবোৰৰ কথা মানুহে জীৱনত কেতিয়াবা পাহৰিব পাৰেনে?
ঘন্চিৰিকাৰ কথা ক’বলৈ গৈ ঘৰৰ চালত বৰষুণৰ শব্দৰ স্মৃতি মনলৈ অহাৰ লগে লগে আৱেগৰ সোঁতত উঠি–ভাহি মই কোনোবা অজান্তিমুলুক পালোঁগৈ৷ সি যি কি নহওক, এতিয়া আকৌ ঘূৰি আহোঁ ঘন্চিৰিকাৰ কথালৈ৷
আজিকালি হাবি–বন নোহোৱা হ’ল, শৰণ খেৰৰ অস্তিত্বও প্রায় বিলুপ্ত হ’ল৷ এতিয়া গাঁৱলীয়া–চহৰীয়া, ধনী–দুখীয়া সকলো মানুহৰে ঘৰৰ চাল টিনপাতৰ অথবা আৰচিচিৰ৷ ফলত খেৰৰ ঘৰৰ চালত বৰষুণৰ সংগীত শুনাৰ যি মাদকতা আছিল, তাৰ পৰা আমি চিৰকালৈ বঞ্চিত হ’লোঁ৷ টিনপাত বা বিলাতী মাটিৰ চালতো বৰষুণৰ ঝৰঝৰ শব্দই এটা সুৰ–লহৰী সৃষ্টি কৰে কিন্তু সি খেৰৰ চালত কৰা সংগীতৰ নিচিনা হূদয়–দ্রাবী নহয়৷ তথাপি এতিয়াও টিনপাত বা আৰচিচি যিহৰেই নহওক, ঘৰৰ চালত বৰষুণৰ শব্দ শুনাৰ লগে লগে খন্তেকৰ কাৰণেও মনটো উধাও হৈ যাব খোজে কোনোবা এখন স্বপ্ণলোকলৈ৷
কিন্তু আমাৰ জগতখনৰ পৰা খেৰৰ চালৰ ঘৰ বা সকলোধৰণৰ পুৰণি ডিজাইনৰ ঘৰবোৰে চিৰকাললৈ বিদায় লোৱাৰ লগে লগে আৰু এনে কিছুমান বস্তুৱে চিৰবিদায় ল’লে– যিবোৰ বস্তুৰ অবিহনে আমাৰ জীৱন হৈ পৰিছে ৰিক্ত, বিবর্ণ আৰু নিৰানন্দ অথচ যিবোৰক বস্তুক আমি শিলত মূৰ আফালি মৰিলেও বোধহয় আৰু কোনোদিনেই ঘূৰাই নাপাম৷ তেনেকুৱা এটা বস্তু হ’ল ঘন্চিৰিকা৷
অৱশ্যে, কেৱল ঘন্চিৰিকা বুলি ক’লে ভুল হ’ল৷ এজোপা ডাঙৰ গছত অসংখ্য চৰাই–চিৰিকটি, কীট–পতংগ আৰু সৰীসৃপজাতীয় বিবিধ প্রাণীয়ে সংসাৰ পতাৰ দৰে গাঁৱলীয়া মানুহৰ খেৰ–বাঁহৰ ঘৰবোৰো আছিল বিচিত্র প্রজাতিৰ চৰাই, পোক–পতংগ, সাপ, এন্দুৰ আৰু বাদুলীৰ স্থায়ী আশ্রয়৷ পুৱা হোৱাৰ লগে লগে মানুহবোৰে বিছনা এৰি কর্মক্ষেত্রলৈ ওলাই যোৱাৰ দৰে ঘৰৰ চাল বা মাৰলিত বাহ সাজি বাস কৰা ঘন্চিৰিকাবোৰেও ভুৰুং ভুৰুংকৈ বাহৰ পৰা ওলাই চোতালত বা ঘাঁহনিত পৰি সিহঁতৰ ব্রেকফাষ্ট বিচাৰিবলৈ আৰম্ভ কৰে৷ গধূলি হোৱাৰ লগে লগে আকাশত উৰি ফুৰা পোক ধৰি খাবলৈ জাকে জাকে ওলাই আহে চুঙা–বাদুলী৷ কবিৰ ভাষাত, ‘চুঙা–বাদুলীয়ে ঘনকৈ বোৱা এন্ধাৰ৷’ কেইবাবছৰৰ মূৰে মূৰে মানুহে ঘৰৰ চাল ভাঙি পুৰণি খেৰবোৰ গুচাই নতুন খেৰেৰে চাল সাজে৷ সেইদিনাহে বুজা যায় যে সেই একেটা ঘৰতে কিমান বিচিত্র চৰাই–চিৰিকটি, সাপ, এন্দুৰ, বাদুলী আৰু কীট–পতংগ মানুহঘৰৰ পৰিয়ালটোৰ সদস্য হৈ একেলগে বাস কৰি আছিল৷ চালখন নতুনকৈ চাবৰ দিনা সেই প্রাণীবোৰ এদিন বা দুদিনৰ কাৰণে উদ্বাস্তু হয় যদিও নতুন চাল সাজি সম্পূর্ণ হোৱাৰ লগে লগেই সিহঁতো ঘূৰি আহে সিহঁতৰ নতুন ঘৰলৈ৷
এতিয়া ঘন্চিৰিকাকে ধৰি এই আটাইবোৰ প্রাণীৰ বংশ লোপ পাইছে কিয়?
আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ঘৰ সাজিবৰ কাৰণে নতুন সঁজুলিৰ ব্যৱহাৰ আৰু ঘৰ সজাৰ নতুন ডিজাইন৷ মানুহৰ থকা ঘৰ বা ৰাজহুৱা ঘৰবোৰেই আছিল যিবোৰ চৰাই–চিৰিকটিৰ প্রধান আশ্রয়স্থল, সেই ঘৰবোৰৰ সঁজুলি আৰু নির্মাণ–কৌশল সলনি হোৱাৰ লগে লগে ঘন্চিৰিকা, পাৰ আদি চৰাই আৰু চুঙা–বাদুলীবোৰ চিৰকাললৈ গৃহহাৰা হ’ল৷ ঘাঁহনিৰ ঠাইত বহু মানুহে চোতাল আৰু পদূলি পকা কৰাৰ ফলত ঘাঁহনিত ঘৰ পতা পোক–বৰুৱাবোৰ আহাৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰাও চৰাইবোৰ বঞ্চিত হ’ল৷ একে আষাৰে ক’বলৈ গ’লে আধুনিক পৃথিৱীৰ কংক্রীটৰ অৰণ্যত একমাত্র মানুহৰ বাহিৰে আন সকলো প্রাণীৰ কাৰণে ঠাইৰ নাটনি হৈ আহিছে ঘন্চিৰিকাৰ নিচিনা বহুতো প্রাণীয়েই দিৰবিদায় লৈছে আমাৰ জীৱনৰ পৰা৷ মই নিজেই কিমানদিন যে ঘন্চিৰিকা দেখা নাই৷ সেই কাৰণেই ঘন্চিৰিকাৰ ছবি দেখিয়েই মোৰ চকুৰ পানী ওলাইছে৷
বহুতো প্রকৃতিপ্রেমীয়ে এতিয়া মানুহৰ প্রতি আকুল আহ্বান জনাই ক’ব লগা হৈছে–’We are saying to developers and house-builders that they must learn to give back the homes to the animals and birds they evict. If not in houses themselves, then in special wildlife areas within new develpments.’
চৰাই–চিৰিকটিক আকর্ষণ কৰিবলৈ আৰু এটা কাম কৰিব পাৰি সেইটো হৈছে ইটাৰ বেৰৰ মাজত চৰায়ে বাহ সাজিব পৰাকৈ ফাঁক ৰখা, চৰাইৰ কাৰণে বিশেষ পদ্ধতিৰে সজা বাকচ ৰখাৰ ব্যৱস্থা কৰা আৰু ঘৰৰ কাষৰ আটাইবোৰ মুকলি ঠাইত ঘাঁহনি আৰু ফুলনি পতা৷ আপোনালোকে এইবোৰ কাম কৰি থাকক৷ কিন্তু এটা কথা মই ভালকৈ জানো যে যিবোৰ ঘন্চিৰিকা চৰাই আছিল মোৰ শৈশৱ আৰু কৈশোৰৰ জগতখনৰ নিত্যসংগী আৰু মোৰ আত্মাৰ পৰমাত্মীয়, সিহঁতক পুনৰ নেদেখাকৈয়ে মই এদিন পৃথিৱীৰ পৰা বিদায় ল’ম৷ কেতিয়াবা হয়তো সিহঁতক দেখিম কেৱল ছবিত৷ আৰু বুকুৰ পৰা ওলাব নিষ্ফল দীর্ঘশ্বাস৷