নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত টার্গেট কিলিং: সুৰক্ষিত স্থানলৈ বদলি ১৭৭ কাশ্মীৰী পণ্ডিতক

নিয়মীয়া বাৰ্তা,৫ জুনঃ জম্মু–কাশ্মীৰত হিন্দু সম্প্রদায়ৰ বিশেষকৈ কাশ্মীৰী পণ্ডিত, বহিৰাগত লোকৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত শংকিত ১৭৭গৰাকী কাশ্মীৰী পণ্ডিত শিক্ষকক শ্রীনগৰৰ সুৰক্ষিত স্থানলৈ বদলি কৰিছে চৰকাৰে৷ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পোৱাৰ বাবে কাশ্মীৰী পণ্ডিতসকলে সুৰক্ষিত স্থানলৈ বদলিৰ বাবে দাবী কৰাৰ কেইদিনমান পাছত আজি চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত জম্মু–কাশ্মীৰৰ প্রশাসন, নিৰাপত্তা বাহিনীৰ শীর্ষ বিষয়াৰ সৈতে অঞ্চলটোৰ পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে শংকিত কাশ্মীৰী পণ্ডিত সম্প্রদায়ৰ ১৭৭গৰাকী শিক্ষকক শ্রীনগৰৰ সুৰক্ষিত স্থানলৈ বদলি কৰিছে৷ উল্লেখ্য যে ২০১২ চনত প্রধানমন্ত্রীৰ বিশেষ পেকেজৰ অধীনত কেইবা শতাধিক কাশ্মীৰী পণ্ডিতক নিযুক্তি দিয়া হৈছিল৷ কাশ্মীৰৰ বাদগাম জিলাত ৰাহুল ভাট নামৰ কাশ্মীৰী পণ্ডিত চৰকাৰী কর্মচাৰীজনক সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ লগতে অঞ্চলটোৰ কাশ্মীৰী পণ্ডিতক আক্রমণৰ লক্ষ্য কৰি লোৱাৰ বাবে চৰকাৰে শিক্ষকসকলক সুৰক্ষিত স্থানলৈ বদলিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কাশ্মীৰ উপত্যকাত বিভিন্ন প্রান্তত কাশ্মীৰী পণ্ডিত সম্প্রদায়ৰ প্রায় ৬ হাজাৰ চৰকাৰী কর্মচাৰী আছে৷

You might also like