চৰকাৰী বিদ্যালয়ৰ আজব ঘটনাঃ ৮ শিক্ষয়িত্ৰীৰ বিপৰীতে পৰীক্ষাৰ্থী ৭ : তথাপি ফলাফল শূন্য
বিশেষ বাৰ্তা, ৭ জুন: ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোক পুনৰ উদঙাই দি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ ফলাফলক লৈ এতিয়া সৰ্বত্ৰ ব্যাপক চৰ্চা চলিছে।বিদ্যালয়খনৰ আঠ গৰাকী শিক্ষয়িত্ৰীৰ বিপৰীতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাত গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও কোনো এগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।প্ৰাপ্ত তথ্য অনুসৰি, আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নগাঁও জিলাৰ লাওখোৱাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ফলাফল শূন্য।আবাসি এই চৰকাৰী বিদ্যালয়খনত সাত গৰাকী ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।কিন্তু এগৰাকীও পৰীক্ষাৰ্থী উত্তীৰ্ণ নহল।অথচ এইখন বিদ্যালয়ত শিক্ষয়িত্ৰীৰ সংখ্যা আঠ গৰাকী।বিদ্যালয়খনৰ এই ফলাফলক লৈ আজি স্বাভাৱিকতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।ইপিনে, আজি বিদ্যালয়খনৰ এই শোচনীয় ফলাফলৰ পাছত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ উমান পাই বিদ্যালয়খনৰ ৱাৰ্ডেন নাহিদা চুলতানাই বিদ্যালয়ৰ গেটত তলা লগাই আত্মগোপন কৰে।
প্ৰেৰক কনক হাজৰিকা