ভূৰাগাঁৱৰ গেৰুৱাত বিধ্বংসী অগ্নিকাণ্ডত সা-সামগ্ৰী ভস্মীভূত
নিয়মীয়া বাৰ্তা, ৮ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত গেৰুৱাত যোৱা নিশা সংঘটিত হোৱা এক ভয়ানক অগ্নি কাণ্ডত এটি পৰিয়ালৰ সকলো সা- সামগ্ৰী ভস্মীভূত হয়। জানিব পৰা মতে নিশা এক মান বজাত ঘৰৰ ভিতৰত সকলো শুই থকা অৱস্হাত গেৰুৱাৰ অজয় চৌহানৰ ঘৰত দাও দাওকৈ জুই জ্বলি উঠে। গাত জুইৰ তাপ লগাত পৰিয়ালৰ লোকে সাৰ পাই কোনো মতে ঘৰৰ পৰা আঠ জনকৈ লোকে ওলাই প্ৰাণ ৰক্ষা কৰে যদিও গাত থকা কাপোৰ সাজৰ বাদে কোনো সামগ্ৰীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে পৰিয়াল টোৱে। গেৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত পৰিয়াল টোৰ পাঁচ সন্তানে আনকি কিতাপ এখনো বছাব নোৱাৰিলে জুইৰ পৰা। তদুপৰি বিভিন্ন ধৰণৰ কাগজ পত্ৰ, ভোটাৰ আই ডি, এন আৰ চিকে প্ৰমোখ্য কৰি সকলো গুৰুত্বপূৰ্ণ কাগজ পত্ৰও ভস্মীভূত হয় জুইত। জুয়ে আৱৰি ধৰা ঘৰ টোৰ ভিতৰৰ পৰা পৰিয়ালৰ লোক সকলে সত্তৰ বছৰীয়া আলৰ বুঢ়ী মাককো কোনোমতে উদ্ধাৰ কৰে যদিও বুঢ়িমাক হৈমন্তি চৌহান আৰু অজয় চৌহানৰ পুত্ৰ বিজয় চৌহান কিছু পৰিমানে অগ্নিদগ্ধ হয়। নিশা থাকিবলৈ চালি এখনো জুইৰ পৰা ৰক্ষা নপৰা পৰিয়াল টোক আজি ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা চাৰিখন ট্ৰিপাল দিয়াৰ লগতে প্ৰতিবেশী লোক সকলে খাদ্য সামগ্ৰী কাপোৰ আদি যোগান ধৰিছে যদিও পৰিয়াল টোৱে সম্প্ৰতি সকলো হেৰুৱাই চকুৰে অন্ধকাৰ দেখিছে। কেবা লক্ষাধিক মুল্যৰ সামগ্ৰী ক্ষতি হোৱা পৰায়াল টোক চৰকাৰৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।
প্ৰেৰক আবুল কালাম