মোদীজীৰ শ্লোগান সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস অসমতো বাস্তৱিকতে প্ৰতিফলিত হৈ আহিছেঃ হোজাইত চোতাল বৈঠকত বিধায়ক ৰামকৃষ্ণ ঘোষ।
নিয়মীয়া বার্তা, ৮ জুন : মোদীজীৰ শ্লোগান সৱকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস অসমতো বাস্তৱিকতে প্ৰতিফলিত হৈ আহিছে, দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ কাৰ্যক্ৰমৰ অংশস্বৰূপে বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ হোজাই জিলা সমিতিৰ উদ্যোগত আৰু ধলপুখুৰী মণ্ডলৰ সহযোগত হোজাই সমষ্টিৰ অধীনস্থ পূৱ ভালুকমাৰী বাবুল দাসৰ বাসগৃহ চৌহদত আজি অনুষ্ঠিত চোতাল চোতাল বৈঠকত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ভাষণত এই মন্তব্য কৰে। বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ হোজাই জিলা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰীৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ কাৰ্যক্ৰমৰ অংশস্বৰূপে অনুষ্ঠিত হোৱা চোতাল বৈঠকত পূৱ ভালুকমাৰী অঞ্চলৰ প্ৰায় দুই শতাধিক লোকে অংশ গ্ৰহণ কৰে। চোতাল বৈঠকত বিধায়ক ৰামকৃষ্ণ ঘোষে ভাষণত প্ৰধানমন্ত্ৰী মোদীৰ আঠ বছৰৰ শাসন কালত দেশৰ বিভিন্ন ৰাজ্যেৰ সমান্তৰাল ভাবে অসমতো মোদীৰ জনকল্যান মূলক সেৱা, সু শাসন আৰু গৰীব কল্যাণৰ কাৰ্যক্ৰম প্ৰতিফলিত হৈছে। মোদীজীৰ শ্ল’গান সৱকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস অসমতো বাস্তৱিকতে ৰূপায়িত কৰাৰ বাবে অসম চৰকাৰে কাম কৰি অহাৰ ফলত অসমৰ বিভিন্ন জাতি- জনগোষ্ঠী, ধৰ্মালম্বী লোকৰ সমউন্নয়ন, সমবিকাশ হৈছে। খাদ্য সুৰক্ষা, অৰুনোদয়, আয়ুসমান সহ চৰকাৰৰ বিভিন্ন জনকল্যান মূলক আঁচনিৰ বিষয়ে বিধায়ক গৰাকীয়ে ভাষণত উল্লেখ কৰি এই আঁচনি সমূহ ৰুপায়ন ক্ষেত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলো দুখীয়া লোকক প্ৰধান্য দিয়া হৈছে আৰু ইয়াৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো দুখীয়া লোক উপকৃত হৈছে বুলি কয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে জনকল্যান মূলক সেৱা, সু শাসন আৰু গৰীব কল্যাণৰ বাবে যোৱা আঠটা বছৰত কিদৰে দিনে নিশাই কাম কৰি আহিছে তাৰ ওপৰত বিধায়ক গৰাকীয়ে উপস্থিত ৰাইজৰ সন্মুখত দীঘলীয়া ভাষণ দিয়ে।
প্ৰেৰক কিশলয় দেৱগোস্বামী