গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত গো–ব্যৱসায়ীৰ সম্পত্তি জব্দ কৰাৰ কাম আৰম্ভ ধুবুৰী আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৮ জুনঃ
★ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিলে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত গো–ব্যৱসায়ীৰ সম্পত্তি জব্দ কৰাৰ কাম।
★আচাম কেটেল প্ৰিজাৰভেশ্বন এক্ট (Assam Cattle Prevention Act) ৰ নতুন অনুচ্ছেদৰ আধাৰত আৰম্ভ ধুবুৰী আৰক্ষীয়ে লৈছে এই পদক্ষেপ।
★সম্প্ৰতি জিলাখনৰ গোলকগঞ্জ থানাৰ ১৯১/২২ গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰা কুখ্যাত গো–মাফিয়া নজৰুল ইছলামৰ সম্পত্তি বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে। আৰক্ষীয়ে সূত্ৰে জানিব পৰা মতে প্ৰায় ৬৫ লাখ টকাৰ সম্পত্তি জব্দ কৰা হৈছে ধৃত গো–মাফিয়াজনৰ পৰা।
★আগলৈ গৈ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ অইন কেইবাগৰাকী কুখ্যাত গো–মাফিয়াৰ সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা আৰক্ষীৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী