ড০ শৰ্মা নেতৃত্বাধীন কেবিনেটত জয়ন্ত-নন্দিতাৰ অন্তৰ্ভুক্তিঃ বহু মন্ত্ৰী দপ্তৰ সলনি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ প্ৰত্যাশিতভাৱেই সালসলনি কৰা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটৰ। আজি শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল জগদীশ মুখীয়ে শপতবাক্য পাঠ কৰাৰ লগে লগে নতুনকৈ শপত লোৱা দুই মন্ত্ৰীৰ লগতে পুৰণি মন্ত্ৰীসকলৰো বৃহত সালসলনি কৰা হৈছে। দুই নতুন মুখ জয়ন্ত মল্ল বৰুৱাৰ হাতত মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰে-জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষতা উন্নয়ন বিভাগ আৰু পৰ্যটন বিভাগ। লগতে পাহাৰৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰী হোৱা নন্দিতা গাৰ্লোছাৰ হাতত অৰ্পণ কৰা হয় শক্তি, সমবায়, খনি আৰু খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ। আনহাতে পুৰণি মন্ত্ৰীসকলৰ ফালৰ পৰা বিমল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাসৰ দপ্তৰ সালসলনি কৰা হৈছে। বিমল বৰাৰ পৰা শক্তি বিভাগ, চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা পৰিবহণ বিভাগ, পৰিমল শুক্লবৈদ্যৰ পৰা বন বিভাগ, ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ সালসলনি কৰা হৈছে। সেই অনুসৰি বিমল বৰাক উদ্যোগ বিভাগ, চন্দ্ৰমোহন পাটোৱাৰীক বন-পৰিৱেশ বিভাগ, পৰিমল শুক্লবৈদ্যক পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে। আজি সালসলনি কৰা নতুন দপ্তৰৰ তালিকা এনেধৰণৰ-
ড০ হিমন্ত বিশ্ব শৰ্মাঃ গৃহ বিভাগ, পাৰ্ছনেল বিভাগ, লোকনিৰ্মাণ বিভাগ, বিতৰণ নোহোৱা সকলো দপ্তৰ
ৰঞ্জিত কুমাৰ দাসঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য-অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ।
অতুল বৰাঃ কৃষি, উদ্যান শস্য, পশুপালন-পশুচিকিসা, সীমান্ত অঞ্চল উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ।
উৰ্খাও গৌৰা ব্ৰহ্মঃ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগ, ভূমি সংৰক্ষণ বিভাগ, বড়োলেণ্ড কল্যাণ বিভাগ।
চন্দ্ৰমোহন পাটোৱাৰীঃ পৰিৱেশ-বন বিভাগ, এক্ট-ইষ্ট পলিচী পৰিক্ৰমা বিভাগ, সংখ্যালঘু কল্যাণ বিভাগ।
পৰিমল শুক্লবৈদ্যঃ পৰিবহণ, মীন আৰু আবকাৰী বিভাগ।
কেশৱ মহন্তঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগ, তথ্য-প্ৰযুক্তি বিভাগ।
ৰণোজ পেগুঃ শিক্ষা বিভাগ, জনজাতি কল্যাণ বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (পুথিভঁৰাল-সংগ্ৰহালয় সঞ্চালকালয়)
অশোক সিংহলঃ হাউছিং-আৰবান বিভাগ, জলসিঞ্চন বিভাগ
যোগেন মহনঃ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ, পাৰ্বত্য উন্নয়ন বিভাগ
সঞ্জয় কিষাণঃ চাহ জনজাতি কল্যাণ বিভাগ, শ্ৰমিক কল্যাণ বিভাগ
অজন্তা নেওগঃ বিত্ত, মহিলা-শিশু উন্নয়ন বিভাগ।
পীয়ূষ হাজৰিকাঃ জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ
বিমল বৰাঃ উদ্যোগ, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
নন্দিতা গাৰ্লোছাঃ শক্তি, সমবায়, খনি আৰু খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ
জয়ন্ত মল্ল বৰুৱাঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষতা উন্নয়ন বিভাগ আৰু পৰ্যটন বিভাগ।