নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগঃ আটছাই বন্ধ কৰিলে নিৰ্মাণকাৰ্যঃ স্মাৰক পত্ৰ প্ৰদান

বিশেষ বাৰ্তা,  ৯ জুনঃ মৰিয়নি সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত দাবী উত্থাপন হৈ থকাৰ সময়তে আৱন্টিত উন্নয়নমূলক কামকাজতো অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে । সমষ্টিটোত বিভিন্ন আঁ‌চনিৰ অধীনত হৈ থকা উন্নয়নমূলক কামকাজসমূহত দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । বৰ্তমানে নিৰ্মাণকাৰ্য চলি থকা একাধিক পথৰ নিৰ্মাণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ আৰু বিভিন্ন সংগঠন । মৰিয়নি সমষ্টিৰ অন্তৰ্গত পুৰৈখোৱাৰ পৰা গাভৰু লৈকে নিৰ্মাণকাৰ্য চলি থকা পথটোৰ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তুলিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মৰিয়নি শাখাই । উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত ২০২০-২১ বৰ্ষৰ এম আৰ এল – ৩ শিতানত এই পথটোৰ নিৰ্মাণ কৰা হৈছে ।২০২১ চনৰ ১৬ আগষ্টত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে পথটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । বৰ্তমানেও নিৰ্মাণকাৰ্য চলি থকা পথটোত মেটেলিং অতি নিম্নমানৰ হোৱা বুলি অভিযোগ কৰিছে আটছাৰ মৰিয়নি শাখাই । দুমাহ নৌহওঁ‌তেই উক্ত মেটেলিং উঠি গৈছে যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে পথাচাৰীসকল । তাৰোপৰি পথটোত কোনোধৰণৰ চাইদবাম অথবা মাটিৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে কাৰ্পেটিং কৰা হৈছে । এই কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাই । লক্ষণীয় যে, এই পথটো অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ বহুকেইখন ৰাজহ গাঁও আৰু চাহ বাগিচালৈ অহা যোৱা কৰা অতি গুৰুত্বপূৰ্ণ পথ ,দীৰ্ঘদিন ধৰি পথটোৰ পুনৰ্নিমাণ নোহোৱাত জহি খহি গৈছিল পথছোৱা । শেহতীয়াকৈ পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰে পুঁ‌জি আৱন্টন দিছে যদিও নিৰ্মান কাৰ্য্যত অনিয়ম হোৱাৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত আটছাৰ মৰিয়নি শাখাই মৰিয়নি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাক আজি এক স্মাৰক পত্ৰ প্ৰদান কৰে । উক্ত স্মাৰক পত্ৰত মেটেলিঙৰ সময়ত ব্যৱহাৰ কৰা ঘুৰণীয়া সদৃশ শিলগুটি আঁ‌তৰাই দিয়া, চাইদবামৰ কাম নোহোৱা বুলিও অভিযোগ ডাঙি ধৰিছে । আটছাৰ মৰিয়নি শাখাৰ সহকাৰী সম্পাদক উৎপল তাঁ‌তীয়ে এই সন্দৰ্ভত জানিবলৈ দি কয়- অতি গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণত ব্যাপক অনিয়ম হৈছে । এনে অনিয়মৰ বাবেই পথটোৰ নিৰ্মানকাৰ্য্য নিম্নমানৰ হোৱা বুলিও উল্লেখ কৰে আটছাৰ নেতাজনে । আনহাতে, এই আসোঁৱাহসমূহ দূৰ নকৰালৈকে পথটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে আটছাই । পথটো লোকনিৰ্মান বিভাগৰ টিয়ক আৰু মৰিয়নি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে । প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণকাৰ্য চৰকাৰী নিৰ্দেশনা অনুযায়ী সম্পূৰ্ণ কৰিবলৈ আটছাৰ মৰিয়নি শাখাই আহ্বান জনাইছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like