লাহৰীঘাটত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ বিদ্যুতৰ পোহৰ বিচাৰি হাহাকাৰ গাঁওবাসীৰ
নিয়মীয়া বাৰ্তা, ৯ জুন : মৰিগাঁৱৰ লাহৰীঘাটৰ পশ্চিম ভকুৱামাৰীত লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে ওলাই আহিল গাঁৱৰ পুৰুষ-মহিলা যুৱক -যুৱতী, শিশু। ৰাজপথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ।উল্লেখ্য যে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত পশ্চিম ভকুৱামাৰী গাঁৱত যোৱা চাৰি পাঁচ মাহ ধৰি নাই বিদ্যুৎ।গাঁওখনত থকা এই ট্ৰেন্সৰ্ফমাৰটো বিকল হৈ পৰাৰ বাবেই গাঁওবাসীয়ে পোৱা নাই বিদ্যুতৰ পোহৰ।কণা হাঁহক পতান দিয়া লেখীয়াকৈ গাঁওবাসীক বিদ্যুৎ বিভাগে প্ৰতিবাৰে ধনৰ বিনিময়ত পুৰণা ট্ৰেন্সৰ্ফমাৰ প্ৰদান কৰি অহা অভিযোগ।বছৰত ৯ মাহেই বিকল হৈ পৰা ট্ৰেন্সৰ্ফমাৰটোক লৈ এতিয়া বিমোৰত পৰিছে গাঁওবাসী। মাহৰ পিছত মাহ ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত গাঁওখনৰ বিশেষকৈ স্কুল কলেজৰ ছাত্র ছাত্ৰী সকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে।সেয়েহে বৃহস্পতিবাৰে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ জনাই গাঁওখনত অতি সোনকালেই বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈ শক্তিমন্ত্ৰী গৰাকীৰ লগতে বিদ্যুৎ বিভাগক স্থানীয় এই সকলে ৰাইজে দাবী জনাইছে।
প্ৰেৰক আবুল কালাম