যোগীঘোপাত অব্যাহত গো-ধনৰ চোৰাং সৰবৰাহঃ আৰক্ষীৰ অভিযানত জব্দ ১৬টা গৰু
নিয়মীয়া বাৰ্তা, ৯ জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চোৰাং গো-ধনৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । জিলাখনৰ যোগীঘোপা থানাৰ অন্তৰ্গত খেলুৱাপাৰাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ১৬ টাকৈ চোৰাং গৰু জব্দ কৰে ।জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষী আৰু বইটামাৰী আৰক্ষীৰ এটা দলে যৌথভাবে যোৱা নিশা প্ৰায় ৯.৩০ বজাত খেলুৱাপাৰা তৃতীয় খণ্ড গাঁৱৰ আনোৱাৰ হুছেইনৰ বাসগৃহত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় ।আনোৱাৰ হুছেইনৰ বাসগৃহৰ পৰা চম্পাৱতী নৈৰে অন্য স্থানলৈ চোৰাং গৰু কেইটা সৰবৰাহ কৰা সময়তে আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলাই ১৬ টাকৈ চোৰাং গৰু জব্দ কৰে। আনহাতে চোৰাং গৰু বেপাৰীয়ে আৰক্ষীৰ অভিযানৰ উমান পাই নিশাৰ অন্ধকাৰ সুযোগ গ্ৰহণ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে । উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে যদিও একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ ।দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছিল একাংশ গৰু সৰবৰাহকাৰীয়ে ।একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে আন জিলাৰ পৰা গাড়ীৰে চোৰাং গৰু যোগীঘোপাৰ ঔডুবীৰ খেলুৱাপাৰা আৰু বোৱালীমাৰীৰ নৈৰ পাৰলৈ আনি ব্ৰহ্মপুত্ৰ নদীত নাওঁৰে গোৱালপাৰা জিলাৰ লক্ষিপুৰ, জলেশ্বৰলৈ সৰবৰাহ কৰি আহিছে ।জনা মতে, চোৰাং গৰু বেপাৰীয়ে গোৱালপাৰা জিলাৰ লক্ষিপুৰ,জলেশ্বৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে ।অভিযোগ মতে, গোৱালপাৰা জিলাৰ লক্ষিপুৰ আৰু জলেশ্বৰৰ চোৰাং গৰু বেপাৰীয়ে স্থানীয় কেইগৰাকী গো-ব্যৱসায়ীৰ সহযোগত দীৰ্ঘদিনৰ পৰা দিনে-নিশাই যোগীঘোপাৰ মাজেৰে অবৈধ ভাৱে এনেদৰে গৰু সৰবৰাহ অব্যাহত ৰাখিছে ।উল্লেখ্য যে ,কিছুদিন পূৰ্বে যোগীঘোপা আৰক্ষীয়ে হকোডবা চৰত অভিযান চলাই ৭ টাকৈ চোৰাং গৰু সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।এই সকল চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব’লৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস